কাৰ্যকাল শেষ হ’বলৈ এবছৰ বাকী থকাৰ অৱস্থাত ৰাজ্যসভাৰ পৰা পদত্যাগ কৰে ভুৱনেশ্বৰ কলিতাই
কাৰ্যকাল শেষ হ’বলৈ এবছৰ বাকী থকাৰ অৱস্থাত ৰাজ্যসভাৰ পৰা পদত্যাগ কৰে ভুৱনেশ্বৰ কলিতাই
কংগ্ৰেছ দলত মোক্ষম আঘাত। ৰাজ্যসভাত এতিয়া শক্তি কমিছে কংগ্ৰেছ দলৰ। অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা কংগ্ৰেছ সাংসদ সঞ্জয় সিঙৰ পিছত এইবাৰ ৰাজ্যসভাৰ পৰা পদত্যাগ কৰে ভুৱনেশ্বৰ কলিতাই। অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ভুৱনেশ্বৰ কলিতাৰ পদত্যাগ পত্ৰ ইতিমধ্যে গ্ৰহণ কৰিছে ৰাজ্যসভাৰ সভাপতি, দেশৰ উপ–ৰাষ্ট্ৰপতি এম ভেংকায়া নায়ডুৱে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|