
ভূপেন বৰাৰ কবিতাক লৈ সাংসদ ভূৱনেশ্বৰ কলিতাই কয়— কবিতাৰে সমস্যাৰ সমাধান নহয় ৷ ভাৰত জোড়োই কৰক বা কবিতাই গাওক তাৰ দ্বাৰা বিজেপি প্ৰত্যাহ্বানৰ সন্মুখীন নহয় ৷ গুজৰাটক লৈয়ো মন্তব্য সাংসদ কলিতাৰ ৷
ভূপেন বৰাৰ কবিতাক লৈ সাংসদ ভূৱনেশ্বৰ কলিতাই কয়— কবিতাৰে সমস্যাৰ সমাধান নহয় ৷ ভাৰত জোড়োই কৰক বা কবিতাই গাওক তাৰ দ্বাৰা বিজেপি প্ৰত্যাহ্বানৰ সন্মুখীন নহয় ৷ গুজৰাটক লৈয়ো মন্তব্য সাংসদ কলিতাৰ ৷
ভূপেন বৰাৰ কবিতাক লৈ সাংসদ ভূৱনেশ্বৰ কলিতাই কয়-'কবিতাৰে সমস্যাৰ সমাধান নহয় ৷'আনকি কংগ্ৰেছক শক্তিহীন বুলি অভিহিত কৰি 'কংগ্ৰেছৰ সভা সমিতি কৰিব পৰা পৰিবেশ নাই বুলিও উল্লেখ কৰে বিজেপি সাংসদ গৰাকীয়ে ৷ সমগ্ৰ ভাৰততে বিজেপি শক্তিশালী বুলি উল্লেখ কৰি 'ভাৰত জোড়োই কৰক বা কবিতাই গাওক তাৰ দ্বাৰা বিজেপি প্ৰত্যাহ্বানৰ সন্মুখীন হবলগা নহয় বুলিও উল্লেখ কৰে ভূৱনেশ্বৰ কলিতাই ৷
বৰপেটা লোকসভা সমষ্টিৰ তত্বাৱধায়কৰ দায়িত্বত থকা সাংসদ গৰাকীয়ে বৰপেটা লোকসভা সমষ্টিতো দখলৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাব বুলি মন্তব্য কৰে ৷ বিজেপিয়ে অধ্যয়ন কৰি টিকট প্ৰদান কৰে আৰু বিজেপিয়ে বৰপেটাত নিৰ্বাচন খেলিলে জয়ী হ'বই বুলিও প্ৰকাশ কৰে ৷ শেহতীয়া গুজৰাট নিৰ্বাচনৰ ফলাফলক লৈয়ো মন্তব্য কৰা ভূৱনেশ্বৰ কলিতাই এয়া ২০২৪ৰ লোকসভা নিৰ্বাচন জয়লাভৰ প্ৰাক্ আৰম্ভণি বুলিও অভিহিত কৰে ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|