তিনি তালাক বিধেয়ক কোনোপধ্যে সমৰ্থন নকৰো, অত্যাচাৰ হিচাপে অনা হৈছে এই বিধেয়ক : আজমল

হোজাইত সাংসদগৰাকীয়ে কয় যে তালাক প্ৰক্ৰিয়া হিন্দু সমাজত বেছি। হিন্দু সমাজত ৬৮ শতাংশ আৰু মুছলমানৰ ভিতৰত ২৬ শতাংশ।

News18-Assam
Updated:August 1, 2019, 12:01 PM IST
তিনি তালাক বিধেয়ক কোনোপধ্যে সমৰ্থন নকৰো, অত্যাচাৰ হিচাপে অনা হৈছে এই বিধেয়ক : আজমল
হোজাইত সাংসদগৰাকীয়ে কয় যে তালাক প্ৰক্ৰিয়া হিন্দু সমাজত বেছি। হিন্দু সমাজত ৬৮ শতাংশ আৰু মুছলমানৰ ভিতৰত ২৬ শতাংশ।
News18-Assam
Updated: August 1, 2019, 12:01 PM IST
তিনি তালাক বিধেয়কৰ বিৰোধিতা AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ। হোজাইত সাংসদগৰাকীয়ে কয় যে তালাক প্ৰক্ৰিয়া হিন্দু সমাজত বেছি। হিন্দু সমাজত ৬৮ শতাংশ আৰু মুছলমানৰ ভিতৰত ২৬ শতাংশ। বিজেপিক সমালোচনা কৰি আজমলে কয় যে মুছলমান মহিলাৰ এটাও সমস্যা সমাধান কৰা নাই বিজেপিয়ে। বিজেপি অহাৰ পিছত হিন্দু আৰু মুছলমানৰ মাজত বিভাজন বৃদ্ধি পাইছে।

তিনি তালাক বিধেয়ক সন্দৰ্ভত আজমলে কয় – ‘তিনি তালাক বিধেয়ক কোনোপধ্যে সমৰ্থন নকৰো। অত্যাচাৰ হিচাপে অনা হৈছে এই বিধেয়ক। এই বিধেয়কৰ পৰা কোনো লাভ নহ’ব।’ বিজেপিক মুছলমানবিৰোধী চৰকাৰ আখ্যা দি আজমলে কয় যে বিজেপিয়ে মুছলমানবিৰোধী বিধেয়ক আনিব আৰু গৃহীত কৰিবই।

আজমলে কয় – ত্ৰিপল তালাক বহু দূৰৰ কথা, আমাৰ ধৰ্মত এক তালাকেই বহু বেয়া কাম। তালাক দিয়া মানেই ভুল কৰিছে। ত্ৰিপল তালাক হলে মুছলমানে লাজ পায়।
আৰু চাওক পৰৱৰ্তী বাতৰি