ৰাজ্যত এতিয়া বানৰ তাণ্ডৱ। ৰাজ্যৰ প্ৰায় ২৬ খন জিলা এতিয়া বানপানীৰ কৱলত। বৃহস্পতিবাৰে বান বিধ্বস্ত ৰাইজৰ খবৰ লবলৈ যমুনামুখত উপস্থিত হল ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমল। একাংশ দলীয় সতীৰ্থৰ সৈতে বান সাহায্য বিতৰণ কৰিবলৈ গৈ আবেগিক হৈ পৰিল সামংসদগৰাকী।
আজমলে কয় যে, 'আমি প্ৰথমে মানুহ তাৰ পাছতে ৰাজনৈতিক নেতা। অসহায় বন্যাৰ্ত, বানপীড়িত ৰাইজক উদ্ধাৰৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।' এনেদৰে যমুনামুখ সমষ্টিৰ বানপীড়িত ৰাইজৰ খৱৰ ল'বলৈ গৈ আবেগিক হৈ পৰিল মৌলানা বদৰুদ্দিন আজমল।
কিছুদিন পূৰ্বে যমুনামুখৰ বিধায়ক ছিৰাজুদ্দিন আজমলে পৰিদৰ্শন কৰি গৈছিল। আৰু আজি মৌলানা বদৰুদ্দিন আজমলে যমুনামুখ সমষ্টি বান বিধ্বস্ত অঞ্চলত পৰিদৰ্শন ৰাইজলৈ সাহাৰ্য্য আগবঢ়ায় উল্লেখযোগ্য যে, বানপানীৰ কৱলত থকা অঞ্চলসমূহলৈ যাওতে আজমল ফাউণ্ডেচন আৰু মৰ্কজুল মা'আৰিফে দুখন নাৱেৰে খাদ্য সামগ্ৰী লৈ যায়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|