ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমল আৰু বদৰুদ্দিন আজমলৰ ভাতৃ তথা বৰপেটা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ছিৰাজুদ্দিন আজমল কোৰোণাত আক্ৰান্ত হোৱাৰ খবৰ নস্যাত্ কৰিছে AIUDF-এ।
AIUDFৰ ফালৰ পৰা কোৱা হৈছে যে, ‘সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমলৰ স্বাস্থ্য অৱনতি ঘটাত তেওঁ বৰ্তমান মুম্বাইত চিকিৎসাধীন হৈ আছে। বদৰুদ্দিন আজমলৰ কোৰোণা পৰীক্ষা কৰা হৈছিল যদিও, টেষ্টৰ ৰিপৰ্ট নিগেটিভ আহিছে।’
AIUDFৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মজিবুৰ ৰহমানে আনকি বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমল কোৰোণাত আক্ৰান্ত হৈছে বুলি ওলোৱা খবৰ বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে।
ইফালে বদৰুদ্দিন আজমলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিবলৈও সকলোকে আহ্বান জনাই নেতাগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|