• Home
  • »
  • News
  • »
  • assam
  • »
  • AIUDF গোন্ধাই! মুখ্যমন্ত্ৰীৰ কথা শুনি হাঁহি ৰখাব পৰা নাই বদৰুদ্দিন আজমলে, অখিল গগৈকো নিদিয়ে পাত্তা

AIUDF গোন্ধাই! মুখ্যমন্ত্ৰীৰ কথা শুনি হাঁহি ৰখাব পৰা নাই বদৰুদ্দিন আজমলে, অখিল গগৈকো নিদিয়ে পাত্তা

মুখ্যমন্ত্ৰীয়ে কেৱল AIUDFক ভয় কৰে, কংগ্ৰেছক নহয়। মূল্যবৃদ্ধিৰ কথা নকয়, তলা-চাবিৰ গোন্ধৰ কথা কৈছেঃ অখিল গগৈ

মুখ্যমন্ত্ৰীয়ে কেৱল AIUDFক ভয় কৰে, কংগ্ৰেছক নহয়। মূল্যবৃদ্ধিৰ কথা নকয়, তলা-চাবিৰ গোন্ধৰ কথা কৈছেঃ অখিল গগৈ

মুখ্যমন্ত্ৰীয়ে কেৱল AIUDFক ভয় কৰে, কংগ্ৰেছক নহয়। মূল্যবৃদ্ধিৰ কথা নকয়, তলা-চাবিৰ গোন্ধৰ কথা কৈছেঃ অখিল গগৈ

  • Share this:
'মুখ্যমন্ত্ৰীয়ে কেৱল AIUDFক ভয় কৰে, কংগ্ৰেছক নহয়। মূল্যবৃদ্ধিৰ কথা নকয়, তলা-চাবিৰ গোন্ধৰ কথা কৈছে। তলা-চাবি সকলোৱে ব্যৱহাৰ কৰে, গোন্ধ থাকে নেকি? মুখ্যমন্ত্ৰীৰ কথা শুনি মই বহুত হাঁহিছো। পদুমত কি সুগন্ধি ওলাই নেকি? ফুলতহে সুগন্ধি থাকে, পচিলে দুৰ্গন্ধ ওলাই, তলা-চাবিত নোলায়। আঁতৰত যদি গোন্ধ থকা বুলি ক'লেহেতেন মই মানিলোহেতেন।ফণী তালুকদাৰৰ ইতিহাস সকলোৱে জানে, তেওঁৰ প্ৰচাৰত যাবলৈ মুখ্যমন্ত্ৰীয়ে লাজ পাব লাগিছিল। মাটিৰ দালালক গ্ৰেপ্তাৰ কৰি এতিয়া এৰি দিছে। তেলৰ দামৰ কথা ক'লে বিজেপিৰ সভাপতিয়ে ৩জনক মটৰ চাইকেলত উঠক বুলি কয়। ইমান কষ্ট কৰি বিধায়ক বনোৱাৰ পিছত আমাক এৰি গ'ল ফণী তালুকদাৰে।'- বৃহস্পতিবাৰে এনেদৰে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ বদৰুদ্দিন আজমলে।

আজমলে লগতে কয় যে, 'আমি মহিলাসকলক তলা মাৰি ঘৰত ৰাখো বুলি কয় মুখ্যমন্ত্ৰীয়ে। কিন্তু ৫০% মহিলা আছে ভৱানীপুৰত। তেওঁলোকৰ ভোট পাই ফণী তালুকদাৰ জয়ী হৈছিল। তলা মাৰি থোৱা নাই। জোটবন্ধন থকাটো বিচাৰিছিলো, কিন্তু কংগ্ৰেছে নিবিচাৰিলে। কংগ্ৰেছ বিজেপিৰ A টীম, কাৰণ বিজেপিক সহায় কৰিবলৈ ভবানীপুৰত প্ৰাৰ্থী দিছে।'

আনহাতে অখিল গগৈৰ প্ৰসংগ ওলাওতে কোনো ধৰণৰ মন্তব্য নিদিলে বদৰুদ্দিন আজমলে। 'অখিল গগৈক মই পাত্তা নিদিও, ৰাজনীতিত অভিজ্ঞতা নাই'-বুলি মন্তব্য কৰিয়েই বিষয়টোৰ পৰা এৰাই চলে আজমল।
Published by:Himangshu Bhuyan
First published: