• Home
  • »
  • News
  • »
  • assam
  • »
  • MP Ajit Kumer Bhuyan: ''ইতিহাস যদি চায়, তেন্তে দাম্ভিক আৰু অহংকাৰী নেতাৰ চৰকাৰ বেছিদিন চলাৰ উদাহৰণ নাই''- অজিত কুমাৰ ভূঞা

MP Ajit Kumer Bhuyan: ''ইতিহাস যদি চায়, তেন্তে দাম্ভিক আৰু অহংকাৰী নেতাৰ চৰকাৰ বেছিদিন চলাৰ উদাহৰণ নাই''- অজিত কুমাৰ ভূঞা

অসমত এনকাউণ্টাৰক মুখ্যমন্ত্ৰীয়ে উৎসাহিত কৰিছে বুলি অভিযোগ কৰে।

অসমত এনকাউণ্টাৰক মুখ্যমন্ত্ৰীয়ে উৎসাহিত কৰিছে বুলি অভিযোগ কৰে।

অসমত এনকাউণ্টাৰক মুখ্যমন্ত্ৰীয়ে উৎসাহিত কৰিছে বুলি অভিযোগ কৰে।

  • Share this:
''অসমত এতিয়া কু-শাসন চলিছে। এনে শাসন দীৰ্ঘদিন চলিছে, অসমৰ ভৱিষ্যত অন্ধকাৰ।''  NEWS18 ৰ সন্মুখত এই গুৰুতৰ অভিযোগ উত্থাপন কৰে বিশিষ্ট সাংবাদিক তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই।

''পুলিচৰ জিম্মাত কেনেকৈ আচামীৰ মৃত্যু হ'ল, পৰৱৰ্তী সময়ত থানা কেনেকৈ জ্বলিব পালে'' বুলি প্ৰশ্ন কৰি সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে অজিত কুমাৰ ভূঞাই। অসম এতিয়া কু-শাসনৰ কৰাল গ্ৰাসত। ব্যৰ্থ চৰকাৰৰ উগ্ৰ সাম্প্ৰদায়িক ৰাজনীতি চলি আছে। এনে অপশাসন দীৰ্ঘদিন চলিছে অসমৰ ভৱিষ্যত সম্পূৰ্ণৰূপে অন্ধকাৰ।

NEWS18ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই গুৰুতৰ অভিযোগ উত্থাপন কৰে বিশিষ্ট সাংবাদিক তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই (Ajit Kumer Bhuyan)। বটদ্ৰৱাৰ ঘটনাই ৰাজ্য চৰকাৰৰ ব্যৰ্থতাকে উদঙাইছে বুলি কোৱা সাংসদগৰাকীয়ে লগতে কয় যে চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকিবলৈ সাম্প্ৰদায়িক ৰাজনীতিৰ আশ্ৰয় লৈছে।

তেওঁ লগতে কয়- ''অসমত এতিয়া এনকাউন্টাৰৰ বিভীষিকা চলিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এনকাউন্টাৰক উৎসাহিত কৰিছে।'' গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন চৰকাৰ কেতিয়াও প্ৰতিশোধপৰায়ণ হ'ব নালাগে বুলি কৈ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰে সাংসদ অজিত কুমাৰ ভূঞাই। অজিত কুমাৰ ভূঞাৰ মতে ইতিহাস যদি চায়, তেন্তে দাম্ভিক আৰু অহংকাৰী নেতাৰ চৰকাৰ বেছি দিন চলাৰ উদাহৰণ নাই।
Published by:Gautam Barman
First published: