• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘ৰাজ্যৰ বিৰোধী দল, সংগঠন একত্ৰিত নহ’লে বিজেপিক পৰাস্ত কৰা অসম্ভৱ’- ৰঙিয়াত এই মন্তব্য সাংসদ অজিত কুমাৰ ভূঞাৰ

‘ৰাজ্যৰ বিৰোধী দল, সংগঠন একত্ৰিত নহ’লে বিজেপিক পৰাস্ত কৰা অসম্ভৱ’- ৰঙিয়াত এই মন্তব্য সাংসদ অজিত কুমাৰ ভূঞাৰ

২০২১ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিমাহ বাকী। তেনে সময়ত এতিয়া তত্‍পৰ হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল।

২০২১ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিমাহ বাকী। তেনে সময়ত এতিয়া তত্‍পৰ হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল।

২০২১ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিমাহ বাকী। তেনে সময়ত এতিয়া তত্‍পৰ হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল।

  • Share this:
    ২০২১ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিমাহ বাকী। তেনে সময়ত এতিয়া তত্‍পৰ হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল। শাসকীয় বিজেপিয়ে এতিয়া জোৰদাৰ গতিত আগবঢ়াই নিছে সাংগঠনিক কাম-কাজ। পিছ পৰি থকা নাই কংগ্ৰেছো। কিন্তু তাৰ মাজতে দলটোৰ একাংশ নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰাৰ পিছত এতিয়া শলঠেকত পৰিছে কংগ্ৰেছ।. কিন্তু সেই সময়তে ৰাজ্যৰ ৰাজনীতিত প্ৰায় শক্তিশালী ৰূপত আগ্ৰসৰ হৈছে লুৰিণজ্যোতি গগৈৰ নেতৃত্বাধীন অসম জাতীয় পৰিষদ।

    ২০২১ত বিজেপিক পৰাস্ত কৰাৰ সংকল্প লৈছে সাংসদ অজিত কুমাৰ ভূঞাই। সেয়েহে এতিয়া সাংসদগৰাকীয়ে বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত ৰাজ্যৰ সকলো দল-সংগঠনক একত্ৰিত হোৱাটো বিচাৰিছে। বুধবাৰে ৰঙিয়াত এখন সভাত অংশ লৈ অজিত কুমাৰ ভূঞাই কয় যে, ‘ৰাজ্যৰ বিৰোধী দল, সংগঠন এক নহ’লে উৎখাত কৰিব পৰা নাযাব বিজেপিক। এটা ডাঙৰ দল হিচাপে কংগ্ৰেছে যি ভূমিকা পালন কৰিব লাগিছিল সেই সন্দৰ্ভত কংগ্ৰেছৰ সাম্প্ৰতিক কাম-কাজে হতাশ কৰিছে। গতিকে সময় থাকোতেই বিজেপিক পৰাস্ত কৰিবলৈ সকলো দল সংগঠন একেলগ হ’ব লাগে।’

    সভাত অংশগ্ৰহণ কৰি আঞ্চলিক গণ মৰ্চাৰ নেত্ৰী মীৰা বৰঠাকুৰৰ কয় যে, ‘ৰাজ্যৰ উন্নয়ন স্থবিৰ কৰি আত্মসাৎ কৰা ধনেৰে হিমন্ত বিশ্ব শৰ্মাই  ৰাজহুৱা সভা পাতি চমক দিছে।

    বুধবাৰে ৰঙিয়াত অসম সংগ্ৰামী মঞ্চৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। ৰাজ্যত আঞ্চলিক ধাৰা শক্তিশালী কৰাৰ উদ্দেশ্যৰে গঠন হোৱা দলটোৰ নেতৃবৃন্দ  উপস্থিত থাকে ৰঙিয়াত । অসম সংগ্ৰামী মঞ্চৰ মঞ্চৰ সভাপতি দিগন্ত কোঁৱৰ, সাংসদ অজিত কুমাৰ ভূঞা, নেত্ৰী  মীৰা বৰঠাকুৰৰ লগতে কেইবাজনো নেতাই ৰঙিয়াৰ কৃষক শ্বহীদ ভবনত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে। লগতে সভাখনত  বহুকেইটা  দলৰ কৰ্মীৰ অসম সংগ্ৰামী মঞ্চত যোগদান কৰে ।
    Published by:Himangshu Bhuyan
    First published:

    শেহতীয়া বাতৰি