বিৰোধীৰ মহাজোঁট নৌহওঁতেই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীক লৈ বিতৰ্ক, কি ক’লে সাংসদ অজিত ভূঞাই?

মহাজোঁট গঠনত ইতিহাসৰ শিক্ষা লৈ কংগ্ৰেছে অগ্ৰণী ভূমিকা ল’ব লাগে, নহলে ৰাইজক ডাঙৰ প্ৰতাৰণা কৰা হ’ব বুলিও কয় ভূঞাই৷
মহাজোঁট গঠনত ইতিহাসৰ শিক্ষা লৈ কংগ্ৰেছে অগ্ৰণী ভূমিকা ল’ব লাগে, নহলে ৰাইজক ডাঙৰ প্ৰতাৰণা কৰা হ’ব বুলিও কয় ভূঞাই৷
- News18 Assam
- Last Updated: November 17, 2020, 8:59 AM IST
মহাজোঁটৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী সন্দৰ্ভত সাংসদ ভূঞাঁৰ মন্তব্য- ‘‘মহাজোঁটৰ ৰাজনীতিত কোনোবাই মই মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী বুলি দাবী কৰিব বিচাৰে তেনেহ’লে মহাজোঁটৰ ঐক্য বিনষ্ট হ’ব৷ মহাজোঁটত নিৰ্বাচনৰ পূৰ্বে মূখ্যমন্ত্ৰী প্ৰাৰ্থী প্ৰক্ষেপ বা বাচনি কৰাটো অপ্ৰাংগিক৷ মই ব্যক্তিপূজাক বিশ্বাস নকৰো৷ পৰৱৰ্তী সময়ত নিৰ্বাচনত যদি সংখ্যাগৰিষ্ঠতা লাভ কৰে তেনেহ’লে মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰি ল’ব৷’’
মহাজোঁট গঠনত ইতিহাসৰ শিক্ষা লৈ কংগ্ৰেছে অগ্ৰণী ভূমিকা ল’ব লাগে, নহলে ৰাইজক ডাঙৰ প্ৰতাৰণা কৰা হ’ব বুলিও কয় ভূঞাই৷ ইপিনে বিৰোধী ঐক্যৰ ভোট বিভাজন নহ’বলৈ পৰাপক্ষত প্ৰতিটো সমষ্টিত দুজন প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো বিচাৰে অজিত ভূঞাই৷ কেইবাগৰাকী প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’লে পূৰ্ণ সুযোগ ল’ব বিজেপিয়ে৷ সকলো বিৰোধী ঐক্যবদ্ধ নহ’লে ন্যূনতম এজেণ্ডাৰ ভিত্তিত যুঁজ নকৰিলে বিজেপিক প্ৰতিহত কৰাটো অসম্ভৱ বুলি পুনৰ দাবী কৰিলে সাংসদ অজিত ভূঞাই৷
ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই AIUDF প্ৰধান বদৰুদ্দিন আজমলক বুঢ়া আঙুলি দেখুওৱা প্ৰসংগত সাংসদ অজিত ভূঞাই মন্ত্ৰীৰ আচৰণক দুৰ্ভাগ্যজনক আখ্যা দি আজমল যদি বিদেশী নাগৰিক হয়, তেনেহ’লে চৰকাৰ আছে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত আমাৰ আপত্তি নাই বুলি মন্তব্য কৰে৷ আজমল যদি ৭১ৰ পিছত আহিছে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগে৷ কিন্তু তাকে নকৰি আজমলৰ নাম লৈ হিমন্ত বিশ্বই ৰাজনৈতিক মুনাফা লুটিছে বুলি কটাক্ষ কৰে তেওঁ৷
উল্লেখ্য যে শোণিতপুৰৰ বৰছলাত সাংবাদিক সন্থাকে ধৰি ছয় সংগঠনৰ উদ্যোগত অনুষ্ঠিত জনজাগৰণ সভাত অংশ লয় সাংসদ আজিত ভূঞা, মীৰা বৰঠাকুৰ,মনজিৎ মহন্ত আদিয়ে৷ বিশাল ৰেলী কৰি সহস্ৰাধিক লোকে সাংসদ ভূঞাক আদৰি আনে সভালৈ৷