• Home
  • »
  • News
  • »
  • assam
  • »
  • MP Ajit Kumer Bhuyan : বানপানীৰ সময়ত ''সস্তিয়া জনপ্ৰিয়তাৰে ৰাইজক প্ৰতাৰণা'' কৰা অভিযোগ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে

MP Ajit Kumer Bhuyan : বানপানীৰ সময়ত ''সস্তিয়া জনপ্ৰিয়তাৰে ৰাইজক প্ৰতাৰণা'' কৰা অভিযোগ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে

ভূঞাৰ অভিযোগ যে বান সাহায্যৰ নামত সামান্য খাদ্য সামগ্ৰী যোগান ধৰিয়েই চৰকাৰে গা এৰা দিছে।

ভূঞাৰ অভিযোগ যে বান সাহায্যৰ নামত সামান্য খাদ্য সামগ্ৰী যোগান ধৰিয়েই চৰকাৰে গা এৰা দিছে।

ভূঞাৰ অভিযোগ যে বান সাহায্যৰ নামত সামান্য খাদ্য সামগ্ৰী যোগান ধৰিয়েই চৰকাৰে গা এৰা দিছে।

  • Share this:
আঞ্চলিকতাবাদী গণ মৰ্চাৰ মুৰব্বী তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই আজি দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা সংবাদ মেলত কঠোৰ ভাষাৰে সমালোচনা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক (CM Himanta Biswa Sarma)। সাংসদ অজিত কুমাৰ ভূঞাৰ মতে, অসমত ভয়াবহ ৰূপ ধাৰণ কৰিছে বানপানীয়ে, তাৰ মাজতে সস্তিয়া জনপ্ৰিয়তাৰে অসমৰ ৰাইজক প্ৰতাৰণা কৰিছে মুখ্যমন্ত্ৰীয়ে।

অজিত কুমাৰ ভূঞাই (MP Ajit Kumer Bhuyan) বৰপেটা জিলা ভ্ৰমণ কৰি বান পৰিস্থিতি পৰ্যবেক্ষণ কৰা বুলি জানিবলৈ দি বৰাক উপত্যকাৰ তিনিওখন জিলাৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে বুলি উল্লেখ কৰে।

ভূঞাৰ অভিযোগ যে বান সাহায্যৰ (Flood Relief) নামত সামান্য খাদ্য সামগ্ৰী যোগান ধৰিয়েই চৰকাৰে গা এৰা দিছে। আঞ্চলিক দলটোৰ মুৰব্বীগৰাকীয়ে লগতে অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ প্ৰসংগত নদীবান্ধৰ বিৰোধিতা কৰে। ভূটানৰ নদীবান্ধৰ বাবে অসমৰ মানুহে বানপানীত ককবকাইছে বুলি কৈ তেওঁ গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প (Lower Subansiri Hydroelectric Power Project) নিৰ্মাণ হ'লে নামনি অসম শেষ হৈ যাব বুলি উল্লেখ কৰে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি