உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘জুবিন গাৰ্গৰ প্ৰতিভা আছে, কিন্তু সামাজিক দায়বদ্ধতা থকা শিল্পী নহয়’ – বৰপেটাত ক’লে অজিত ভূঞাই, আছুকো সমালোচনা

    ‘জুবিন গাৰ্গৰ প্ৰতিভা আছে, কিন্তু সামাজিক দায়বদ্ধতা থকা শিল্পী নহয়’ – বৰপেটাত ক’লে অজিত ভূঞাই, আছুকো সমালোচনা

    অজিত কুমা ভূঞাই কয় – আমি জুবিন গাৰ্গৰ কাম–কাজ ভাল পোৱা নাই। জুবিন গাৰ্গৰ ভূমিকা পিছলৈ নিৰ্ণয় হ’ব।

    অজিত কুমা ভূঞাই কয় – আমি জুবিন গাৰ্গৰ কাম–কাজ ভাল পোৱা নাই। জুবিন গাৰ্গৰ ভূমিকা পিছলৈ নিৰ্ণয় হ’ব।

    অজিত কুমা ভূঞাই কয় – আমি জুবিন গাৰ্গৰ কাম–কাজ ভাল পোৱা নাই। জুবিন গাৰ্গৰ ভূমিকা পিছলৈ নিৰ্ণয় হ’ব।

    • Share this:
    ‘জুবিন গাৰ্গ সামাজিক দায়বদ্ধতা থকা শিল্পী নহয়। জুবিন গাৰ্গ জনপ্ৰিয় শিল্পী, প্ৰতিভা আছে। কিন্তু জাতিৰ স্বাৰ্থত কামত লাগি থাকিবলৈ আৰু এখন গণবিৰোধী চৰকাৰৰ বিৰোধিতা কৰাৰ বাবে শিল্পীৰ আদৰ্শগত স্থিতি থাকিব লাগিব। অন্যথা তেওঁলোকে ব্যক্তিগত স্বাৰ্থতে ৰজাঘৰলৈ গতি কৰিব লাগিব। জুবিনৰ দৰে শিল্পীয়ে মন্ত্ৰীৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰাৰ অৰ্থ নাই। মন্ত্ৰী তেওঁৰ ওচৰলৈ আহিব লাগে।’ – আজি বৰপেটাত এই মন্তব্য কৰে সাংসদ অজিত কুমাৰ ভূঞাই।

    আজি অজিত কুমাৰ ভূঞাৰ নেতৃত্বত বৰপেটাত উপস্থিত হয় আঞ্চলিক গণ মৰ্চাৰ এটা দল। অজিত কুমাৰ ভূঞাৰ লগতে হাইদৰ হুছেইন, মনজিৎ মহন্ত, মেহদী আলম বৰা, হলিৰাম তেৰাঙকে ধৰি কেইবাজনো ব্যক্তিয়ে বৰপেটাত উপস্থিত হৈ মত বিনিময় কৰে নাগৰিক সমাজৰ সৈতে।

    অজিত কুমা ভূঞাই কয় – আমি জুবিন গাৰ্গৰ কাম–কাজ ভাল পোৱা নাই। জুবিন গাৰ্গৰ ভূমিকা পিছলৈ নিৰ্ণয় হ’ব। জুবিনৰ লগতে আছুকো সমালোচনা কৰে অজিত ভূঞাই। আছুৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয় যে আছুৱে এতিয়াও আঞ্চলিক গণ মৰ্চাৰ নেতৃত্বক সাক্ষাতৰ অনুমতি দিয়া নাই, গণ মৰ্চাই দিয়া পত্ৰৰো উত্তৰ দিয়া নাই। অসমৰ জাতীয়তাবাদী ব্যক্তি, দল-সংগঠনক এটা ছাতিৰ তলত একত্ৰিত কৰাৰ লক্ষ্য লোৱা বুলি মন্তব্য কৰে অজিত কুমাৰ ভূঞাই৷

    অজিত কুমাৰ ভূঞাই কয় যে আছুৱে গণ মৰ্চাৰ নেতৃত্বক ৰহস্যজনক কাৰণত লগ কৰা নাই। তেওঁলোকে গঠন কৰিব বিচৰা ৰাজনৈতিক দলে অসমৰ আঞ্চলিক ৰাজনৈতিক দলৰ উত্থানত ক্ষতি কৰিব৷ আছুৰ এই স্থিতিয়ে বিজেপিক পুনৰ শাসনলৈ অহাৰ বাট মসৃণ কৰিব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে।

    আনহাতে, এ আই ইউ ডি এফৰ সৈতে গণ মৰ্চাই এতিয়ালৈকে কোনো আলোচনাত মিলিত হোৱা নাই বুলিও মন্তব্য কৰে ভূঞাই৷ কিন্তু নিৰ্বাচনৰ সময়ত বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত কংগ্ৰেছ–এআইইউডিএফৰ সৈতে কথা পাতিব বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে।
    Published by:Sanjay Kumar Das
    First published: