உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বৰপেটাত সাংসদ আব্দুল খালেক, স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে কোভিড পৰিস্থিতিক লৈ আলোচনা

    বৰপেটাত সাংসদ আব্দুল খালেক, স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে কোভিড পৰিস্থিতিক লৈ আলোচনা

    খালেকে সাংসদ পুঁজিৰ ধনেৰে বৰপেটা অসামৰিক চিকিৎসালয়ত এখন আইচিইউ বেড স্থাপনৰ লগতে বিধায়ক পুঁজিৰে এখন এম্বুলেন্স দিব বিধায়ক আব্দুৰ ৰহিম আহমেদে

    খালেকে সাংসদ পুঁজিৰ ধনেৰে বৰপেটা অসামৰিক চিকিৎসালয়ত এখন আইচিইউ বেড স্থাপনৰ লগতে বিধায়ক পুঁজিৰে এখন এম্বুলেন্স দিব বিধায়ক আব্দুৰ ৰহিম আহমেদে

    খালেকে সাংসদ পুঁজিৰ ধনেৰে বৰপেটা অসামৰিক চিকিৎসালয়ত এখন আইচিইউ বেড স্থাপনৰ লগতে বিধায়ক পুঁজিৰে এখন এম্বুলেন্স দিব বিধায়ক আব্দুৰ ৰহিম আহমেদে

    • Share this:

    শাসক–বিৰোধী একত্ৰিত হৈ সংঘবদ্ধভাৱে কোভিড জয় কৰিব লাগিব বুলি মন্তব্য বৰপেটাৰ সাংসদ আব্দুল খালেকৰ ৷ বৰপেটা জিলাৰ কোভিড পৰিস্থিতিৰ বুজ লোৱাৰ বাবে আজি বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত হোৱা সাংসদ আব্দুল খালেকে কোভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত শাসক–বিৰোধী সকলোৱে একত্ৰিত হ'ব লাগিব আৰু কোভিডক লৈ ৰাজনীতি কৰাৰ পক্ষপাতী তেওঁ নহয় বুলি মন্তব্য কৰে ৷ কোভিডত আক্ৰান্ত হৈ কেইবাজনো ৰাজনীতিকৰ মৃত্যু হোৱাৰ প্ৰসংগ উত্থাপন কৰি ৰাজ্যখনৰ লগতে বৰপেটা জিলাখনকো কেনেকৈ কোভিড মুক্ত কৰিব পাৰি সেই কথাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে সাংসদ খালেকে ৷


    বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ সৈতে বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈ সাংসদ আৰু বিধায়ক দুগৰাকীয়ে বৰপেটা মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰ, অতিৰিক্ত উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে কোভিড পৰিস্থিতিক লৈ আলোচনাত মিলিত হয় ৷ আজি পৰ্যন্ত অবিভক্ত বৰপেটা জিলাত সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা ২০৬৬ হৈ থকাটো উদ্বেগজনক বুলি মন্তব্য কৰে সাংসদ আব্দুল খালেকে ৷ আনহাতে বৰপেটাৰ সামগ্ৰিক কোভিড পৰিস্থিতি নিয়ন্ত্ৰণাধীন যদিও কিছু সমস্যা থকাৰ কথা উল্লেখ কৰি এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণৰ আশা প্ৰকাশ কৰে ৷


    সাংসদ খালেকে কলগাছিয়াত অৱস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত অক্সিজেন প্লান্ট আৰু আন আন স্থানত এল এম ও টেংক স্থাপন কৰিবলৈ দাবী জনায়৷ তেওঁ লগতে সাংসদ পুঁজিৰ ধনেৰে বৰপেটা অসামৰিক চিকিৎসালয়ত এখন আইচিইউ বেড স্থাপন কৰিব বুলি ঘোষণা কৰে। সাংসদগৰাকীয়ে সকলো লোককে ভেকচিন ল'বলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায় ৷ উল্লেখ্য, বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে বিধায়ক উন্নয়ন পুঁজিৰ ধনেৰে কোভিড নিয়ন্ত্ৰণৰ বাবে এখন এম্বুলেঞ্চ প্ৰদান কৰিব বুলি ঘোষণা কৰে ৷

    Published by:Gautam Barman
    First published: