মুখ্যমন্ত্ৰী হম বুলি ভাবি থকা সকলে শক্তিশালী কৰক কংগ্ৰেছ দলঃ আব্দুল খালেক

খালেকৰ মতে, কংগ্ৰেছত থকা সময়তো বিজেপিৰে গোপন বুজাবুজিত আছিল ভুৱনেশ্বৰ কলিতা

News18-Assam
Updated:August 10, 2019, 1:00 PM IST
মুখ্যমন্ত্ৰী হম বুলি ভাবি থকা সকলে শক্তিশালী কৰক কংগ্ৰেছ দলঃ আব্দুল খালেক
Source-Google
News18-Assam
Updated: August 10, 2019, 1:00 PM IST
বিপুল বৰ্মন: মুখ্যমন্ত্ৰীৰ সপোন দেখাসকলে দলটোক শক্তিশালী কৰিলেহে কংগ্ৰেছে ২০২১ত ক্ষমতালৈ আহিব বুলি কয় সাংসদ আব্দুল খালেকে। সা‌ংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত শনিবাৰে প্ৰথমবাৰলৈ সংবাদ মেল সম্বোধন কৰে আব্দুল খালেকে। চলিত অধিবেশনত অসমৰ বিভিন্ন সমস্যাকলৈ মুঠ ২৬টা প্ৰশ্ন কৰিছিল বুলি সংবাদ মেলত জনায় আব্দুল খালেকে। ছয় জনগোষ্ঠীৰ জনজাতিকৰন, সত্ৰ সংস্কৃতিৰ উন্নয়ন, বৰপেটাৰ মাজেৰে ৰেল সেৱা আৰম্ভ, ধৰ্মীয় পৰ্যটন ক্ষেত্ৰৰ উন্নয়ন, পঞ্চায়তী ব্যৱস্থাৰ সম সুবিধা, ডি ভোটাৰৰ বিলুপ্তি, অসমৰ দুয়োটা কাগজ কল পুনৰ মুকলি আৰু কাৰাটেৰ দৰে অলিম্পিক ইভেন্টৰ অসমৰ খেলুৱৈক সাহাৰ্য্য প্ৰদানৰ দাবীত সংসদত ভাষন ৰাখিছিল আব্দুল খালেকে।

সেইদৰে সংবাদমেলতে বৰপেটা সমষ্টিৰ সাংসদগৰাকীয়ে তিনি তালাকৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ ৰায়ক স্বাগতম জনায়। তেওঁ section 4 বাতিল কৰাৰ লগতে ত্ৰিপল তালাকক বিৰোধিতা কৰি সদনত মন্তব্য আগবঢ়াইছিল বুলিও কয় বৰপেটাৰ জনপ্ৰতিনিধি আব্দুল খালেকে। ৰাজ্যৰ শেহতীয়া ভয়াবহ বানপানী আৰু এন আৰ চি প্ৰস্তত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থতাৰ কথা উল্লেখ কৰে সাংসদ গৰাকীয়ে।

এন আৰ চিৰ শুনানীৰ বাবে গৈ মৃত্যু হোৱা ছয়গৰাকী লোকৰ প্ৰতিটো পৰিয়ালক দহ লাখকৈ টকাৰ ক্ষতিপূৰণ দিবলৈ ৰাজ্য চৰকাৰক দাবী জনাই আব্দুল খালেকে।

ইফালে বিজেপিত যোগদান কৰা ভুৱনেশ্বৰ কলিতাক সমালোচনা কৰে বৰপেটাৰ জনপ্ৰতিনিধি গৰাকীয়ে। খালেকৰ মতে কংগ্ৰেছত থকা সময়তো বিজেপিৰে গোপন বুজাবুজিত আছিল ভুৱনেশ্বৰ কলিতা। কংগ্ৰেছ দলৰ সম্পৰ্কতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আব্দুল খালেকে। এআইইউডিএফে সাম্প্ৰদায়িক দল নহয় বুলি নিজকে প্ৰমান কৰিব পাৰিলেহে কংগ্ৰেছেৰে মিত্ৰতাৰ পোষকতা কৰিব বুলি জানিবলৈ দিয়ে আব্দুল খালেকে।
আৰু চাওক পৰৱৰ্তী বাতৰি