অসমতে এতিয়া সংকটত অসমীয়া ভাষা (Assamese language)। অসমীয়া ভাষাৰ প্ৰতি ভাবুকি আহিছে। অসমীয়া ভাষাৰ সংকটৰ সময়ত মুখ্যমন্ত্ৰীয়ে তোষামোদৰ ৰাজনীতি কৰিছে বুলি অভিযোগ কৰে সাংসদ আব্দুল খালেকে। বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক (MP Abdul Khaleque)ৰ মতে অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সাহসৰ অভাৱ পৰিলক্ষিত হৈছে।
গুৱাহাটীৰ ৰাজীৱ ভৱন( Rajib Bhawan in Guwahati)ত সংবাদ মেল অনুষ্ঠিত কৰি চৰকাৰক চোকা ভাষাৰে সমালোচনা কৰে সাংসদ আব্দুল খালেকে। তেওঁ লগতে কয় যে বিজেপি চৰকাৰে ক'ভিড (Covid19)ৰ সময়ৰ তথ্য লুকুৱাইছে। এনে গুৰুতৰ অভিযোগ উত্থাপন কৰা সাংসদ খালেকে ক'ভিডত মৃত্যু হোৱা লোকৰ পৰিয়ালক ৪ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী জনায় চৰকাৰক ।
আনহাতে, আৰোগ্য নিধিৰ ধন ক'ত খৰচ কৰিলে আৰু সেই টকাৰে চিকিৎসালয় বনালে নেকি ৰাজহুৱা কৰিবলৈ মুখ্যমন্ত্ৰী (CM Himanta Biswa Sarma)ক প্ৰত্যাহ্বান জনায় কংগ্ৰেছ নেতাগৰাকীয়ে। তৃতীয় ঢৌ যদি আহে তেনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰ কেনেকৈ সাজু সেই কথাও ৰাজহুৱা কৰিবলৈ চৰকাৰক দাবী জনাই সাংসদ আব্দুল খালেকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|