মুখ্যপৃষ্ঠা »খবৰ »অসম »‘সাম্প্ৰদায়িক কথাৰ মহাৰাজ হিমন্ত বিশ্ব শৰ্মা’ : আব্দুল খালেক

‘সাম্প্ৰদায়িক কথাৰ মহাৰাজ হিমন্ত বিশ্ব শৰ্মা’ : আব্দুল খালেক

File Photo

File Photo

বিধায়ক দিগন্ত কলিতাই কৈছিল যে আব্দুল খালেক অসমীয়া হয়নে নহয় তাত সন্দেহ আছে, তেওঁৰ DNA টেষ্ট কৰিব লাগে।

  • Share this:
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাম্প্ৰদায়িক কথাৰ মহাৰাজ আখ্যা সাংসদ আব্দুল খালেকৰ। সাংসদগৰাকীয়ে কয়, ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ হিন্দু–মুছলমান কৰিব পাৰি সেয়াই চিন্তা কৰি থাকে। মোৰ কোনো মুছলমান বা হিন্দু প্ৰীতি নাই, মই মোগলৰ বংশধৰ নহয়। মোগল ভাৰতৰ ইতিহাসৰ অভিন্ন অংগ।’’

আনহাতে, বিধায়ক দিগন্ত কলিতাই কৈছিল যে আব্দুল খালেক অসমীয়া হয়নে নহয় তাত সন্দেহ আছে, তেওঁৰ DNA টেষ্ট কৰিব লাগে। দিগন্ত কলিতাৰ এই মন্তব্যৰ প্ৰত্যুত্তৰত খালেকে কয়, ‘‘শ্বেতবৰ্ণৰ মানুহবোৰৰহে DNA টেষ্ট কৰিব লাগে, কৃষ্ণবৰ্ণৰ মানুহবোৰ ভাৰতীয়, তাত কোনো সন্দেহ নাই। কৃষ্ণ বৰ্ণৰ লোকসকল ভাৰতৰ মূল লোক। মোৰ DNAৰ ৰন্ধ্ৰে ৰন্ধ্ৰে ভাৰতীয়ত্ব আছে।’’

ভাৰতৰ মাটিৰ পৰা আব্দুল খালেকক বিচ্ছিন্ন কৰিব নোৱাৰে, মই চেলেঞ্জ দিছো বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে। বিধায়ক দিগন্ত কলিতাক মেৰুদণ্ডহীন আখ্যা দিলে খালেকে।

শেহতীয়া বাতৰি