உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বটদ্ৰৱাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া সাংসদ আব্দুল খালেকৰ, ক’লে – ‘আৰক্ষীয়ে কিয় কন্দুৱা গেছ বা পানী হিলৈ নামাৰিলে? নে নিজেই জ্বলোৱাৰ সুবিধা কৰি দিছিল?’

    বটদ্ৰৱাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া সাংসদ আব্দুল খালেকৰ, ক’লে – ‘আৰক্ষীয়ে কিয় কন্দুৱা গেছ বা পানী হিলৈ নামাৰিলে? নে নিজেই জ্বলোৱাৰ সুবিধা কৰি দিছিল?’

    সাংসদগৰাকীয়ে কয় যে আক্ৰমণকাৰীৰ ঘৰ বুলডজাৰেৰে ভাঙি পেলোৱা উচিত নহয়। বুলডজাৰ চলোৱাটো মানৱ অধিকাৰৰ পৰিপন্থী।

    সাংসদগৰাকীয়ে কয় যে আক্ৰমণকাৰীৰ ঘৰ বুলডজাৰেৰে ভাঙি পেলোৱা উচিত নহয়। বুলডজাৰ চলোৱাটো মানৱ অধিকাৰৰ পৰিপন্থী।

    সাংসদগৰাকীয়ে কয় যে আক্ৰমণকাৰীৰ ঘৰ বুলডজাৰেৰে ভাঙি পেলোৱা উচিত নহয়। বুলডজাৰ চলোৱাটো মানৱ অধিকাৰৰ পৰিপন্থী।

    • Share this:
    বটদ্ৰৱা থানাত আক্ৰমণৰ ঘটনাক গৰিহণা সাংসদ আব্দুল খালেকৰ। সাংসদগৰাকীয়ে কয় যে আক্ৰমণকাৰীৰ ঘৰ বুলডজাৰেৰে ভাঙি পেলোৱা উচিত নহয়। বুলডজাৰ চলোৱাটো মানৱ অধিকাৰৰ পৰিপন্থী।

    ‘‘মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগ চলোৱাত ব্যৰ্থ হৈছে। সৰু সৰু ঘটনাক নিয়ন্ত্ৰণ কৰিব পৰা নাই।চৰকাৰ এখন প্ৰতিশোধ পৰায়ন হ’ব নালাগে।’’ – মন্তব্য আব্দুল খালেকৰ। এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী সাংসদগৰাকীৰ।

    আক্ৰমণকৰীক আৰক্ষীয়ে কিয় কন্দুৱা গেছ বা পানী হিলৈ নামাৰিলে বুলি প্ৰশ্ন আব্দুল খালেকৰ। নে আৰক্ষীয়ে জ্বলাবলৈ নিজে সুবিধা কৰি দিছে বুলিও প্ৰশ্ন উত্থাপন কৰে সাংসদগৰাকীয়ে। তেওঁ কয়, জেহাদী যদি দপদপাই আছে, তেন্তে ৰাজ্য চৰকাৰ কিয় আছে?

    ‘‘পাকিস্তানী পতাকাৰ ভূত এটা বিয়পাই দিয়া হৈছে, বহুতে পাকিস্তানী পতাকা দেখাই নাই। বাংলাদেশৰ লগত কাৰোবাৰ আবেগিক সম্পৰ্ক থাকিব পাৰে৷ কিন্তু পাকিস্তানৰ লগত কোনো সম্পৰ্ক নাই৷ যদি উৰুৱাইছে ব্যবস্থা ল'ব লাগে৷ আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ঘটনাৰো তদন্ত হ'ব লাগে।’’ – ক’লে সাংসদ খালেকে।
    Published by:Sanjay Kumar Das
    First published: