সংবাদ মেলত খালেকে কয়, আলি জিন্নাৰ আদৰ্শৰে বিজেপি আগবাঢ়িছে। লালকৃষ্ণ আদৱানীয়ে ইতিমধ্যে জিন্নাক প্ৰসংশা কৰি থৈছে।
সংবাদ মেলত খালেকে কয়, আলি জিন্নাৰ আদৰ্শৰে বিজেপি আগবাঢ়িছে। লালকৃষ্ণ আদৱানীয়ে ইতিমধ্যে জিন্নাক প্ৰসংশা কৰি থৈছে।
‘‘বিজেপিতকৈ মই কম ৰাষ্ট্ৰবাদী নহয়। মই দেশক বিজেপিতকৈ বেছি ভাল পাওঁ। মই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ দিয়াটো কেনেকৈ আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ বুলি ক’বলৈ বিজেপিয়ে সাহস কৰিলে?’’ – আজি এক সংবাদমেলত এই মন্তব্য কৰে সাংসদ আব্দুল খালেকে (Abdul Khalek)।
সংবাদ মেলত খালেকে কয়, আলি জিন্নাৰ আদৰ্শৰে বিজেপি আগবাঢ়িছে। লালকৃষ্ণ আদৱানীয়ে ইতিমধ্যে জিন্নাক প্ৰসংশা কৰি থৈছে।
গৰুখুটি সম্পৰ্কতো সংবাদমেলত মন্তব্য কৰিলে সাংসদগৰাকীয়ে। তেওঁ কয়, ‘‘গৰুখুটি সম্পৰ্কত বিজেপিৰ স্ব-বিৰোধী স্থিতি। বিজেপিয়ে বিধানসভাত কয় গৰুখুটিত বিদেশী নাই, বাহিৰত কয় তেওঁলোক ৰহিংগীয়া। গৰুখুটি আৰু সংখ্যালঘু লোকৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ২০০১ চনৰ পৰাই এতিয়ালৈ ষড়যন্ত্ৰ কৰি আহিছে।’’
ৰাজ্য চৰকাৰে বিভিন্ন ঠাইত কেবিনেট অনুষ্ঠিত কৰা কাৰ্যক প্ৰশংসা কৰে সাংসদ আব্দুল খালেকে। আলোপটি চৰ আৰু খানখোৱা চৰটো কেবিনেট মিটিং অনুষ্ঠিত কৰিবলৈ আহ্বান আব্দুল খালেকৰ। আলোপটি চৰত কেবিনেট হ’লে জলজলি নদীত দলং নিৰ্মাণ হ’ব বুলি কয় সাংসদগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|