• Home
  • »
  • News
  • »
  • assam
  • »
  • চৰকাৰে মানুহ বাচি বাচি কোৱাৰেণ্টাইন কৰিছে, অভিযোগ সাংসদ আব্দুল খালেকৰ

চৰকাৰে মানুহ বাচি বাচি কোৱাৰেণ্টাইন কৰিছে, অভিযোগ সাংসদ আব্দুল খালেকৰ

সত্ৰনগৰী বৰপেটাক ঐতিহ্যনগৰী ঘোষণাৰ আশাত একপ্ৰকাৰ চেঁচাপানী পৰা বুলি মন্তব্য সাংসদগৰাকীৰ৷

সত্ৰনগৰী বৰপেটাক ঐতিহ্যনগৰী ঘোষণাৰ আশাত একপ্ৰকাৰ চেঁচাপানী পৰা বুলি মন্তব্য সাংসদগৰাকীৰ৷

সত্ৰনগৰী বৰপেটাক ঐতিহ্যনগৰী ঘোষণাৰ আশাত একপ্ৰকাৰ চেঁচাপানী পৰা বুলি মন্তব্য সাংসদগৰাকীৰ৷

  • Share this:
বৰপেটাৰ কংগ্ৰেছ  সাংসদ আব্দুল খালেকে আজি বৰপেটাত এখন সংবাদমেল সম্বোধন কৰি চৰকাৰে মানুহ বাচি বাচি কোৱাৰেণ্টাইন কৰাৰ অভিযোগ তোলে৷ সংবাদ মেলত ৰাজ্যৰ কোনো কোনো মন্ত্ৰী–বিধায়কে কোৱাৰেণ্টাইন নোহোৱাক লৈয়ো খেদ প্ৰকাশ কৰে সাংসদগৰাকীয়ে৷ দিল্লীৰ পৰা ৰাজধানী এক্সপ্ৰেছ ৰে’লযোগে বৰপেটালৈ অহা সাংসদগৰাকীয়ে কালি ১৪ দিনৰ কোৱাৰেণ্টাইন শেষ কৰি আজি প্ৰথমবাৰৰ বাবে সংবাদমেল সম্বোধন কৰি কোৰোণাক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনায়৷

বিশেষকৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, অসমৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আদিয়ে কোৱাৰেণ্টাইন নমনাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে৷ ইপিনে, অজিত ভূঞালৈ শুভেচ্ছা জনাই ২১ৰ নিৰ্বাচনত বিজেপিক পৰাভূত কৰি কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠনৰ বাবে বহল ভিত্তিত জোঁট বন্ধন হোৱাটো প্ৰয়োজনীয় বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে৷

সত্ৰনগৰী বৰপেটাক ঐতিহ্যনগৰী ঘোষণাৰ আশাত একপ্ৰকাৰ চেঁচাপানী পৰা বুলি মন্তব্য সাংসদগৰাকীৰ৷ সাংসদগৰাকীয়ে জনোৱা মতে, ঐতিহ্যনগৰী ঘোষণাৰ সকলো আঁচনি বন্ধ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ বৰপেটাৰ সাংসদ আব্দুল খালেকে সত্ৰনগৰী বৰপেটাক ঐতিহ্যনগৰী ঘোষণাৰ বাবে সংসদত দাবী উত্থাপন কৰিছিল৷ সাংসদগৰাকীৰ এই দাবীৰ পিছতেই কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰীয়ে সত্ৰনগৰী বৰপেটাক ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস চলাব বুলি প্ৰকাশ কৰিছে৷

বৰপেটাক ধৰ্মীয় পৰ্যটনক্ষেত্ৰ হিচাপে গঢ় দিবলৈ পৰ্যটন মন্ত্ৰীক পত্ৰ লিখিব বুলিও কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে জানিবলৈ দিছে সাংসদ খালেকক৷ আনহাতে, ৰাজ্যৰ ডি ভোটাৰ সমস্যাক লৈ সংসদত বিধেয়ক উত্থাপনৰ প্ৰস্তুতি চলাই থকা বুলি মন্তব্য কৰি ৰাষ্ট্ৰপতিৰ অনুমোদন পালেই ডি ভোটাৰ সমস্যাক লৈ সংসদত বিধেয়ক উত্থাপন কৰিব বুলি প্ৰকাশ কৰে সাংসদ আব্দুল খালেকে৷
First published: