অসমত আকৌ হ’ব NRC। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশ পোৱাৰ পিছৰ পৰাই সমগ্ৰ ৰাজ্যত চলি আছে NRC কেন্দ্ৰিক বাদ–বিবাদ। বিভিন্ন মহলে সমালোচনা কৰিছে নাগৰিক পঞ্জীখনক। সেইসময়তে ৰাজ্য সভাত অমিত শ্বাহে কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য।
অমিত শ্বাহৰ সদম্ভ ঘোষণাৰ পিছতে এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰপেটা সমষ্টিৰ কংগ্ৰেছী সাংসদ আব্দুল খালেকে। এবাৰ হৈ যোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন অনৰ্থক কৰি আকৌ এবাৰ একেখিনি কাম কৰাতো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে সাংসদজনে। খালেকে লগতে কয় যে, NRC ৰ নামত শ শ কোটি টকা পানীত পেলালে। আকৌ NRC ৰ নামত ৰাইজ হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হ’ব।’
Published by: Sanjay Kumar Das
FIRST PUBLISHED : November 20, 2019, 17:50 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।