মুখ্যপৃষ্ঠা » খবৰ

» অসম

»‘হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিব লাগে, উচ্চতম ন্যায়ালয়ক অপমান কৰিছে হিমন্ত বিশ্বই’

‘হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিব লাগে, উচ্চতম ন্যায়ালয়ক অপমান কৰিছে হিমন্ত বিশ্বই’

News18-Assam
Updated:August 31, 2019, 1:02 PM IST
‘হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিব লাগে, উচ্চতম ন্যায়ালয়ক অপমান কৰিছে হিমন্ত বিশ্বই’
আ‍ব্দুল খালেকে কয় – ‘৪০ লাখ মানুহক বিদেশী বুলি কৈছিল অমিত শ্বাহৰ দলে, কিন্তু এতিয়া তাৰে ২০ লাখৰ নামেই সোমাল NRCত।’

আ‍ব্দুল খালেকে কয় – ‘৪০ লাখ মানুহক বিদেশী বুলি কৈছিল অমিত শ্বাহৰ দলে, কিন্তু এতিয়া তাৰে ২০ লাখৰ নামেই সোমাল NRCত।’

  • Share this:
NRCক লৈ অসন্তুষ্ট সাংসদ আব্দুল খালেক। বৰপেটাৰ সাংসদগৰাকীয়ে কয় যে এন আৰ চিত অন্তৰ্ভুক্ত হোৱা নাই বহু ভাৰতীয়ৰ নাম। NRC প্ৰকাশৰ পূৰ্বে দায়িত্বহীন মন্তব্য কৰিছিল শাসকীয় দলে। ৰাজ্য চৰকাৰে দায়িত্ব এৰাই চলিব নোৱাৰে।

আ‍ব্দুল খালেকে কয় – ‘৪০ লাখ মানুহক বিদেশী বুলি কৈছিল অমিত শ্বাহৰ দলে, কিন্তু এতিয়া তাৰে ২০ লাখৰ নামেই সোমাল NRCত। গতিকে NRCক লৈ সুখী হোৱাৰ কাৰণ নাই। বিদেশীক আমাৰ মাটিত আশ্ৰয় দিব নোৱাৰে।’

হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি আব্দুল খালেকে কয় – এগৰাকী মন্ত্ৰীয়ে এনেধৰণৰ মন্তব্য দিয়াটো উচিত নহয়। যদি হিমন্ত বিশ্বই ভাৱে যে ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে ভুল কৰিছে তেন্তে তেওঁ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাই উচ্চতম ন্যায়ালয়ক অপমান কৰিছে। হিমন্ত বিশ্ব শৰ্মা, শিলাদিত্য দেৱৰ দৰে মানুহে পৰিবেশ প্ৰদূষিত কৰিছে বুলিও মন্তব্য খালেকৰ।
First published: August 31, 2019, 1:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি