উন্নয়নমূলক কাম–কাজক লৈ বিতৰ্ক হোৱাৰ বিপৰীতে মেকুৰীজাতীয় অতি নিম্নস্তৰৰ বিতৰ্কক লৈ ক্ষোভ প্ৰকাশ কৰে খালেকে৷
উন্নয়নমূলক কাম–কাজক লৈ বিতৰ্ক হোৱাৰ বিপৰীতে মেকুৰীজাতীয় অতি নিম্নস্তৰৰ বিতৰ্কক লৈ ক্ষোভ প্ৰকাশ কৰে খালেকে৷
বিটিচিত হাগ্ৰামাই যদিহে দুৰ্নীতি সংঘটিত কৰিছে তেন্তে হাগ্ৰামা মহিলাৰীৰ লগতে ৰাজ্যৰ বিত্তমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাও সমানেই দায়ী৷ বৰপেটাৰ সাংসদ আব্দুল খালেকে বিটিচি নিৰ্বাচন সন্দৰ্ভত প্ৰকাশ কৰিছে এই মন্তব্য৷ কংগ্ৰেছ সাংসদগৰাকীয়ে বিটিচি নিৰ্বাচনত উন্নয়নমূলক কাম–কাজক লৈ বিতৰ্ক হোৱাৰ বিপৰীতে মেকুৰীজাতীয় অতি নিম্নস্তৰৰ বিতৰ্কক লৈ ক্ষোভ প্ৰকাশ কৰে৷
হাগ্ৰামাই পোন্ধৰ বছৰীয়া শাসনৰ আৰু হিমন্ত বিশ্ব শৰ্মাই চাৰে চাৰি বছৰীয়া কাৰ্যকালত কৰা উন্নয়নক লৈ বক্তব্য ৰখাৰ বিপৰীতে পৰস্পৰৰ প্ৰতি বোকা চটিওৱা আৰু জীৱ–জন্তুক লৈ কৰা বিতৰ্কক লৈ অসন্তুষ্টি ব্যক্ত কৰে৷ আনহাতে, বিটিচিত যদি দুৰ্নীতি হৈছে তেন্তে তাৰ বাবে অকল হাগ্ৰামা মহিলাৰীক দায়ী কৰিব নোৱাৰি বুলিও তেওঁ মত ব্যক্ত কৰে৷ হিমন্ত বিশ্ব শৰ্মা যিহেতু ৰাজ্যৰ বিত্তমন্ত্ৰীৰ দায়িত্বত আছে সেয়ে অনুসন্ধান নকৰাকৈ তেওঁ ধন মোকলাই নিদিয়ে বুলিও মন্তব্য কৰে৷
গতিকে বিটিচিত দুৰ্নীতি হ’লে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও সমানেই দায়ী বুলি কয় খালেকে৷ সেয়ে হাগ্ৰামাক জে’ললৈ পঠালে হিমন্ত বিশ্ব শৰ্মাকো জেললৈ পঠাব লাগিব বুলি মন্তব্য আগবঢ়ায় সাংসদগৰাকীয়ে৷ আনকি বিটিচিত যদি দুৰ্নীতি হৈছে সেয়া দুয়োজনে ভাগ-বতৰা কৰি খোৱা বুলি মন্তব্য কৰি দুয়োজনৰ বিৰুদ্ধে তদন্তৰো দাবী কৰে আব্দুল খালেকে৷
বিটিচিত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি বৰপেটাত উপস্থিত হোৱা সাংসদগৰাকীয়ে যোৱাবাৰতকৈ কংগ্ৰেছৰ ভাল ফলাফল হ’ব বুলি মন্তব্য কৰে৷ আনকি বিটিচিত চৰকাৰ গঠনত কংগ্ৰেছে বিশেষ ভূমিকা ল’ব বুলিও মন্তব্য কৰে সাংসদ আব্দুল খালেকে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|