মুখ্যপৃষ্ঠা »খবৰ »অসম »বিলুপ্তি হোৱাৰ দিশে আগবঢ়া মৌজাদাৰী প্ৰথা অবিহনে অসুবিধাত পৰিব নেকি গ্ৰামাঞ্চলৰ লোক?

বিলুপ্তি হোৱাৰ দিশে আগবঢ়া মৌজাদাৰী প্ৰথা অবিহনে অসুবিধাত পৰিব নেকি গ্ৰামাঞ্চলৰ লোক?

E-খাজানা ব্যৱস্থাই আনিছে মৌজাদাৰী প্ৰথালৈ বিলুপ্তিৰ খবৰ

E-খাজানা ব্যৱস্থাই আনিছে মৌজাদাৰী প্ৰথালৈ বিলুপ্তিৰ খবৰ

  • Share this:

এদিন বা দুদিনৰ প্ৰথা নহয় ৷ এই প্ৰথা অসমত চলি আহিছে ব্ৰিটিছ আমোলৰ পৰাই ৷ ই-খাজানা প্ৰক্ৰিয়াই বিলুপ্ত ঘটাব ১৯১ বছৰীয়া মৌজাদাৰ প্ৰথাৰ ৷ ONLINEৰ গ্ৰাসত এতিয়া এই চিনাকি প্ৰথা৷


পৰিৱৰ্তিত সময়ে ভাবিব নোৱৰাকৈ আমাৰ মাজৰ পৰা এটা এটাকৈ সকলো বস্তু কাঢ়ি নিছে ৷ বিলুপ্তি ঘটিছে সমাজ ব্যৱস্থাৰ বহু আহিলাৰ, বহু প্ৰথাৰ ৷ অনলাইনৰ গ্ৰাসত বহু ব্যৱসায়, বহু চিনাকি কাম অকামিলা হৈ পৰা চকুৰ সন্মুখতে দেখাৰ সময়তে অধুনালুপ্ত হোৱাৰ দিশে মৌজাদাৰ প্ৰথাও ৷


১৮৩২ চনৰ পৰা অসমত আৰম্ভ হৈছিল মৌজাদাৰী প্ৰথা ৷ বৃটিছ আমোলৰ পৰা ১৯১ বছৰ ধৰি চলি অহা মৌজাদাৰ প্ৰথাত একোজন মৌজাদাৰৰ কৰ্তৃত্ব এজন ৰাজহ বিষয়াৰ ৷ ভূমি জৰীপ, খাজনা সংগ্ৰহকে ধৰি ভূমি সংক্ৰান্তীয় অধিকাংশ কাম-কাজত চৰকাৰী বিষয়া নিযুক্তিত লাভ কৰা আসোঁৱাহ দূৰ কৰিবলৈকে বৃটিছে স্থানীয় লোকক অৰ্পণ কৰিছিল এই দায়িত্ব ৷


শেহতীয়াকৈ সকলোতে ONLINE ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ যাওঁতে ভূমি ৰাজহ বিভাগৰ অবিচ্ছেদ্য অংগ মৌজাদাৰসকললৈও আহিছে সংকট ৷ মৌজাদাৰী প্ৰথাৰে জড়িত হৈ থকা লোকসকলে চৰকাৰলৈ ৰাখিছে আহ্বান, "এতিয়া সকলো ব্যৱস্থাই অনলাইন হৈছে ৷ দেশৰ বিভিন্ন ৰাজ্যতো খাজানা সংগ্ৰহ লাহে লাহে অনলাইন হৈছে ৷ নিশ্চয় দেশৰ ভিন্ন স্থানত বা বিদেশত থকাসকলেও এই ব্যৱস্থাৰ যোগেদি খাজানা আদায় দিব পাৰিব৷ কিন্তু এই ব্যৱস্থাটো মৌজাদাৰসকলৰ জৰিয়তে হোৱাতো আমি বিচাৰিছোঁ ৷ গ্ৰামাঞ্চলৰ কিছু লোকৰ বাবে কিন্তু এই ব্যৱস্থা বৰ জটিল হ'ব৷ চৰকাৰলৈ আহ্বান, আমাৰ মৌজাদাৰসকলক লগত লৈ আগবাঢ়ক ৷"


এইদৰে ক'লে সদৌ অসম মৌজাদাৰ সন্থাৰ সম্পাদক জ্যোতিষ ডেকাই এই বিষয়ত চৰকাৰৰ সৈতেও আলোচনা কৰিছে সদৌ অসম মৌজাদাৰ সন্মিলনে ৷ শক্তি বিভাগে বা আন কিছুমান ব্যক্তিগত প্ৰতিষ্ঠানে ONLINE প্ৰক্ৰিয়াৰ সমানে সমানে বিল সংগ্ৰহৰ ব্যক্তি নিয়োজিত কৰাৰ দৰে ধৰিত্ৰী,বসুন্ধৰা RTPSত মৌজাদাৰসকলকো ৰখাৰ পোষকতা কৰিছে প্ৰথাটোৰে জড়িত পৰিয়ালসমূহে ৷ সকলো কথা এতিয়া নিৰ্ভৰ চৰকাৰৰ ওপৰতহে ৷

শেহতীয়া বাতৰি