কমলক বিচাৰি হাহাকাৰ কৰিছে মাতৃ, অন্তঃসত্ত্বা পত্নী আৰু কণমানি কন্যাই

News18-Assam
Updated:November 20, 2019, 2:45 PM IST
কমলক বিচাৰি হাহাকাৰ কৰিছে মাতৃ, অন্তঃসত্ত্বা পত্নী আৰু কণমানি কন্যাই
তেজপুৰ মিছন চাৰিআলিৰ কে এফ কেকছ এণ্ড বেকছত কেৰাণী হিচাপে কৰ্মৰত কমল আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী।

তেজপুৰ মিছন চাৰিআলিৰ কে এফ কেকছ এণ্ড বেকছত কেৰাণী হিচাপে কৰ্মৰত কমল আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী।

  • Share this:
নীলোৎপল বৰা : ‘মোৰ পুত্ৰক ঘূৰাই দিয়ক। পুত্ৰৰ সলনি মোক এই সংসাৰৰ পৰা লৈ যাওক।’ – NEWS18 অসমৰ সাংবাদিকৰ সন্মুখত এইদৰেই হিয়া ঢাকুৰি কান্দিলে ওৰাঙৰ অভিশপ্ত দুৰ্ঘটনাত মৃত্যুক সাবটি লোৱা কমল দেৱনাথৰ মাতৃয়ে। মঙলবাৰে বিয়লি বন্ধু নয়ন বৰাৰ বিবাহ অনুষ্ঠানৰ বৰযাত্ৰী হৈ যোৱা কমল আৰু ঘূৰি নাহিল ঘৰলৈ।

তেজপুৰ মিছন চাৰিআলিৰ কে এফ কেকছ এণ্ড বেকছত কেৰাণী হিচাপে কৰ্মৰত কমল আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী। কমলৰ পত্নী অনিমা দেৱনাথ বৰ্তমান অন্তঃসত্ত্বা। আনহাতে, কমলৰ ৪ বছৰীয়া কন্যায়ো পিতৃক বিচাৰি কৰিছে হাহাকাৰ। পত্নী অনিমা আঁকোৰগোজ – যি কোনো প্ৰকাৰে ঘূৰাই লাগে কমলক। কিন্তু নিষ্ঠুৰ নিয়তিয়ে অকালতে লৈ যোৱা কমলক ঘূৰাই অনাৰ সামৰ্থ্য কাৰ?
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি