বিতৰ্কিত ইছলামিক সাহিত্য সভাৰ জন্ম কেতিয়া? কোন মুখ্যমন্ত্ৰী গৈছিল অধিৱেশনলৈ?

News18 Assam | News18-Assam
Updated:January 6, 2020, 7:52 PM IST
বিতৰ্কিত ইছলামিক সাহিত্য সভাৰ জন্ম কেতিয়া? কোন মুখ্যমন্ত্ৰী গৈছিল অধিৱেশনলৈ?
দিল্লীত ইছলামিক সাহিত্য সভাৰ প্ৰধান সম্পাদক মৌলানা ফজলুল কৰিম কাচিমিৰ News 18 ৰে বিশেষ সাক্ষাৎকাৰ ।

দিল্লীত ইছলামিক সাহিত্য সভাৰ প্ৰধান সম্পাদক মৌলানা ফজলুল কৰিম কাচিমিৰ News 18 ৰে বিশেষ সাক্ষাৎকাৰ ।

  • Share this:
ইছলামিক সাহিত্য সভা অসমীয়া ভাষা সংস্কৃতিৰ উত্তৰণৰ কাৰণেই গঠন কৰা হৈছিল; ১৯৮৭ চনতে ইছলামিক সাহিত্য সভা গঠন হৈছিল আৰু ১৯৯৭ চনৰ অধিবেশনত সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তও উপস্থিত আছিল। নিউজ18ৰ আগত এই তথ্য সদৰি কৰিছে সভাৰ প্ৰধান সম্পাদক মৌলানা ফজলুল কৰিম কাছিমীয়ে।

ইছলামিক জীৱন শৈলী সমূহ অসমীয়া ভাষাত প্ৰসাৰ কৰা তথা অসমীয়া মনিষীৰ সৃষ্টিৰাজী উৰ্দু তথা আৰবীক ভাষাত প্ৰসাৰৰ উদ্দেশ্যে গঠন কৰা হৈছিল এই ইছলামিক সাহিত্য সভা, দাবী কৰে কাছিমীয়ে।

আনহাতে ইছলামিক সাহিত্য সভাৰ আগন্তুক বার্ষিক অধিবেশনত বৰক্ষেত্ৰীৰ স্থানীয় বিধায়ক নাৰায়ন ডেকাই সম্পূৰ্ণ সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে বুলি দাবী কৰে ইছলামিক সাহিত্য সভাৰ প্ৰধান সম্পাদক গৰাকীয়ে ।

উল্লেখযোগ্য যে অসম ইছলামিক সাহিত্য সভাৰ মুখ্য পৃষ্ঠপোষকৰ হিচাপে বৰক্ষেত্ৰীৰ বিজেপি বিধায়ক নাৰায়ণ ডেকাৰ নাম গোহাৰি পত্ৰত ওলোৱাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পিছত বিধায়কজনে এই সাহিত্য সভাৰে জৰিত হোৱাৰ বাতৰি অস্বীকাৰ কৰিছিল। 

 
আৰু চাওক
পৰৱৰ্তী বাতৰি