• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটী জলবৰ্ড আৰু ৰাষ্ট্ৰীয় নগৰীয় জীৱিকা অভিযানৰ মাজত বুজাবুজিৰ চুক্তি; জলবৰ্ডৰ কাম-কাজত নিয়োজিত কৰা হৈছে ‘জল সখী’

গুৱাহাটী জলবৰ্ড আৰু ৰাষ্ট্ৰীয় নগৰীয় জীৱিকা অভিযানৰ মাজত বুজাবুজিৰ চুক্তি; জলবৰ্ডৰ কাম-কাজত নিয়োজিত কৰা হৈছে ‘জল সখী’

এই বুজা বুজিৰ চুক্তি অনুসৰি আত্ম-সহায়ক গোটৰ পৰা ‘জল সখী’ গঠন কৰি উপযুক্ত প্ৰশিক্ষণ প্ৰদানৰে তেওঁলোকক গুৱাহাটী জল বৰ্ডৰ বিভিন্ন কাম-কাজত নিয়োজিত কৰা হ’ব।

  • Share this:
কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক অনুষ্ঠানত বুধবাৰে গুৱাহাটী জলবৰ্ড আৰু দীনদয়াল অন্ত্যোদয়া যোজনা- ৰাষ্ট্ৰীয় নগৰীয় জীৱিকা অভিযান (DAY-NULM)ৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। সহকাৰী আয়ুক্ত অনুৰাগ ৰুদ্ৰ আৰু সংশ্লিষ্ট বিষয়া-বৰ্গ উপস্থিত থকা এই অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত তথা গুৱাহাটী জলবৰ্ডৰ পৰিচালন সঞ্চালক পল্লৱ গোপাল ঝা আৰু দীনদয়াল অন্ত্যোদয়া নগৰীয় জীৱিকা অভিযানৰ পৰিচালন সঞ্চালক পঞ্চমী চৌধুৰীৰ মাজত উক্ত চুক্তিখন স্বাক্ষৰিত হয়। এই বুজা বুজিৰ চুক্তি অনুসৰি আত্ম-সহায়ক গোটৰ পৰা ‘জল সখী’ গঠন কৰি উপযুক্ত প্ৰশিক্ষণ প্ৰদানৰে তেওঁলোকক গুৱাহাটী জল বৰ্ডৰ বিভিন্ন কাম-কাজত নিয়োজিত কৰা হ’ব। গুৱাহাটী জলবৰ্ডৰ মিটাৰ ৰিডিং, বিল সংগ্ৰহ আদি গ্ৰাহকৰ পোনপটীয়া কামবোৰ সম্পন্ন কৰি এই জল সখীসকলে জনসাধাৰণলৈ আগবঢ়োৱা সেৱা প্ৰদানৰ বাবে তেওঁলোকক জলবৰ্ডে উপযুক্ত মাননি প্ৰদান কৰিব।

উল্লেখ্য যে, মহিলাসকলক কৰ্মমুখী, আত্মনিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সদ্যহতে ২৭ গৰাকী মহিলাক উপযুক্ত প্ৰশিক্ষণ প্ৰদানেৰে ‘জল সখী’ হিচাপে নিয়োগ কৰা হৈছে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি