মুখ্যপৃষ্ঠা »খবৰ »অসম »শৰাইঘাটৰ পৰা কেঁচুৱাসহ মাতৃৰ আত্মহননৰ অপচেষ্টা

শৰাইঘাটৰ পৰা কেঁচুৱাসহ মাতৃৰ আত্মহননৰ অপচেষ্টা

পাৰিবাৰিক কন্দলৰ বাবে এনে সিদ্ধান্ত।

পাৰিবাৰিক কন্দলৰ বাবে এনে সিদ্ধান্ত।

  • Share this:

মহানগৰীৰ আত্মহত্যাৰ বিগ জ'ন এতিয়া শৰাইঘাট দলং।  ইটোৰ পিছত সিটোকৈ শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ দি আত্মহত্যা কৰা ঘটনাৰ বাতৰি আহি থাকে। পুনৰ শৰাইঘাট দলঙৰ পৰা মহিলাৰ আত্মহননৰ চেষ্টাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে আমিনগাঁৱত।


নিশা কোলাত কেঁচুৱা লৈ আমিনগাঁৱৰ পৰা খোজ কাঢ়ি যোৱা মহিলাগৰাকীক  শৰাইঘাট দলঙৰ নৈশ পহৰাৰ দায়িত্বত থকা আৰক্ষীৰ দৃষ্টি গোচৰ হয়। শৰাইঘাট দলঙৰ পহৰাৰ দায়িত্বত থকা আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰা হয় আত্মহত্যা কৰিবলৈ যোৱা মহিলাগৰাকীক। আৰক্ষীয়ে পিছত স্থানীয় আমিনগাঁও আৰক্ষীক গতাই দিয়ে।


 পাৰিবাৰিক কন্দলৰ বাবে এনে সিদ্ধান্ত লোৱা মহিলাগৰাকীয়ে স্বামীসহ পৰিয়ালৰ অকথ্য নিৰ্যাতন সহিব নোৱাৰি দলঙৰ পৰা জঁপিয়াই আত্মহত্যা কৰিব বিচাৰিছিল বুলি জানিব পৰা হৈছে।  ইতিমধ্যে পত্নীৰ অভিযোগৰ ভিত্তিত স্বামীক সোধা–পোছাৰ বাবে আটক কৰিছে আমিনগাঁও আৰক্ষীয়ে। ইফালে স্বামীয়ে পত্নীৰ অভিযোগ মিছা বুলি অগ্ৰাহ্য কৰে।

শেহতীয়া বাতৰি