মানসিকভাৱে অসুস্থ এইগৰাকী মহিলাৰ কাষত নিতৌ কি কৰে এইজন যুৱকে?

News18 Assam | News18-Assam
Updated:June 30, 2020, 9:59 PM IST
মানসিকভাৱে অসুস্থ এইগৰাকী মহিলাৰ কাষত নিতৌ কি কৰে এইজন যুৱকে?
যোৱা তিনিটা বছৰে দুধনৈৰ অলিয়ে-গলিয়ে ঘুৰি ফুৰিছে এগৰাকী আদবয়সীয়া মহিলা। মানসিকভাৱে অসুস্থ মহিলাগৰাকীৰ কাষত কেতিয়াবা দেখা পোৱা গৈছিল এগৰাকী যুৱকক।

যোৱা তিনিটা বছৰে দুধনৈৰ অলিয়ে-গলিয়ে ঘুৰি ফুৰিছে এগৰাকী আদবয়সীয়া মহিলা। মানসিকভাৱে অসুস্থ মহিলাগৰাকীৰ কাষত কেতিয়াবা দেখা পোৱা গৈছিল এগৰাকী যুৱকক।

  • Share this:
‘কুলংগাৰ পুত্ৰই ৰাজপথত এৰি থৈ গ'ল বৃদ্ধা মাতৃক’, ‘উচ্চশিক্ষিত জীয়ৰীয়ে পিতৃক থৈ আহিল বৃদ্ধাশ্ৰমত' - আপুনি হয়তো এনে খবৰ বহুত শুনিছে বা পঢ়িছে৷ পিছে আজি আমি দিব ওলাইছো ইয়াৰ বিপৰীত খবৰহে৷ এজন পুত্ৰৰ অতুলনীয় মাতৃস্নেহৰ খবৰ। মানসিকভাৱে অসুস্থ মাতৃৰ নিতৌ আলপৈচানত ব্যস্ত এইজন পুত্ৰ৷ দিনে–নিশাই পুত্ৰই কটাইছে মাতৃৰ সৈতে৷

যি সময়ত চাৰিওফালে বৃদ্ধাশ্ৰমৰ সংখ্যা বৃদ্ধি হৈছে বা একাংশ উচ্চশিক্ষিত, অভিজাত তথা চাকৰিয়াল পুত্ৰ–কন্যা বা বোৱাৰীয়ে নিজৰ পিতৃ–মাতৃক এলাগী কৰাৰ ঘটনা সুলভ হৈ পৰিছে, সেই সময়তে এইজন যুৱকৰ অপূৰ্ব মাতৃস্নেহৰ বৰ্ণনা শুনিলে আপুনিও সন্তোষ লাভ কৰিব।

যোৱা তিনিটা বছৰে দুধনৈৰ অলিয়ে-গলিয়ে ঘুৰি ফুৰিছে এগৰাকী আদবয়সীয়া মহিলা। মানসিকভাৱে অসুস্থ মহিলাগৰাকীৰ কাষত কেতিয়াবা দেখা পোৱা গৈছিল এগৰাকী যুৱকক। দৈনিক আহাৰ যোগান ধৰি গুচি গৈছিল যুৱকজন। কিন্তু যোৱা এবছৰৰ পৰা মহিলাগৰাকীৰ কাষতে থাকিবলৈ লৈছে যুৱকজন। পিছে যুৱকজন আন কোনো নহয়, যুৱকজন মানসিক ভাৰাসাম্য হেৰুওৱা মহিলাগৰাকীৰে পুত্ৰ৷

জানিব পৰা মতে, বিগত এটা বছৰে মাতৃৰ সৈতে দিন অতিবাহিত কৰিছে যুৱকজনে৷ কি দিন কি ৰাতি, কি ধুমুহা, কি বৰষুণ, কেতিয়াও মাকৰ কাষৰ পৰা গুচি নাযায় যুৱকজন৷ নিতৌ মাতৃক আহাৰৰ যোগান ধৰাৰ লগতে মাতৃৰ কাষতে থাকি শুশ্ৰুষা কৰি দিন অতিবাহিত কৰিছে পুত্ৰই৷ কোনো স্বেচ্ছাসেৱী সংস্থা বা প্ৰশাসনে এই মাতৃ-পুত্ৰক উদ্ধাৰ কৰি সঠিক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰাৰ বাবে স্থানীয় লোকসকলে আহ্বান জনাইছে৷
First published: June 30, 2020, 9:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading