‘সি নিজে ভাত খাব নোৱাৰে, মোক এবাৰ কথা পতাই দিয়ক’ – কোৰোণাত আক্ৰান্ত পুত্ৰৰ বাবে হুকহুকাই কান্দি উঠিল এগৰাকী মাতৃ

News18 Assam | News18-Assam
Updated:May 12, 2020, 4:01 PM IST
‘সি নিজে ভাত খাব নোৱাৰে, মোক এবাৰ কথা পতাই দিয়ক’ – কোৰোণাত আক্ৰান্ত পুত্ৰৰ বাবে হুকহুকাই কান্দি উঠিল এগৰাকী মাতৃ
সাংকেতিক ফটো (Source : The Independent)

কোৱাৰেণ্টাইন হৈ থকা মাতৃ ব্যথিত হৈ পৰিছে পুত্ৰৰ লগত এবাৰ ফোনযোগে কথা পাতিবলৈ৷ 

  • Share this:
স্নায়ুৰোগত আক্ৰান্ত হৈ থকা জাগীৰোডৰ মনহা গাঁৱৰ অমৰজ্যোতি ডেকা ২৪ এপ্ৰিলত ভৰ্তি হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৷ ১৭ দিনৰ বিৰতিৰ পিছত সোমবাৰে কোভিড–১৯ পজিটিভ পোৱা গ'ল অমৰজ্যোতি ডেকাৰ শৰীৰত৷ লগে লগে অমৰজ্যোতি ডেকাক হাস্পতাল কৰ্তৃপক্ষই আছুতীয়াকৈ ৰাখি ব্যৱস্থা কৰিলে চিকিৎসাৰ৷

অমৰজ্যোতি ডেকাৰ লগত থকা মাতৃ আৰু পত্নীকো মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ নিশাৰ ভিতৰতে লৈ গৈ প্ৰশাসনে ব্যৱস্থা কৰিলে কোৱাৰেণ্টাইনৰ৷ সম্প্ৰতি কোৱাৰেণ্টাইন হৈ থকা মাতৃ ব্যথিত হৈ পৰিছে পুত্ৰৰ লগত এবাৰ ফোনযোগে কথা পাতিবলৈ৷

"মই তাৰ লগত এবাৰ কথা পাতিব বিচাৰোঁ৷ সি খোজ কাঢ়িব নোৱাৰে৷ তাক মই আৰু বোৱাৰীয়ে ধৰি ধৰি খোজ কঢ়াও৷ সি ভাত কেইটাও নিজে সানি খাব নোৱাৰে৷ মোক এবাৰ তাৰ লগত কথা পতাই দিয়কচোন৷ মোৰ বৰ চিন্তা হৈছে তাক লৈ৷" – হুকহুকাই কান্দি কান্দি কাতৰভাৱে ক'লে অমৰজ্যোতি ডেকাৰ মাতৃয়ে৷
First published: May 12, 2020, 3:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading