কিমান আৰু সহিব! উপায়ন্তৰ হৈ নিজ মাতৃয়ে দুবছৰ ধৰি শিকলিৰে বান্ধি ৰাখিছে পুত্ৰক

News18 Assam | News18-Assam
Updated:November 16, 2020, 12:00 PM IST
কিমান আৰু সহিব! উপায়ন্তৰ হৈ নিজ মাতৃয়ে দুবছৰ ধৰি শিকলিৰে বান্ধি ৰাখিছে পুত্ৰক
বিগত দুটা বছৰে মাতৃ আৰু কন্যাই প্ৰতিদিনেই সন্মুখীন হৈ আহিছে এই পৰিস্থিতিৰ৷

বিগত দুটা বছৰে মাতৃ আৰু কন্যাই প্ৰতিদিনেই সন্মুখীন হৈ আহিছে এই পৰিস্থিতিৰ৷

  • News18 Assam
  • Last Updated: November 16, 2020, 12:00 PM IST
  • Share this:
বিগত দুটা বছৰে মনত ভয় আৰু শংকাৰ মাজেৰে দিন কটাবলগীয়া হৈছে মহানগৰী চানমাৰিৰ অমিয়নগৰৰ এহাল মাতৃ-কন্যাই৷ ঘৰৰ ভিতৰত নিজৰ একমাএ সন্তানক হাত–ভৰিত লোৰ শিকলীৰে বান্ধি ৰাতি–দিন একাকাৰ কৰি কটাবলগীয়া হৈছে সময়৷ উপায়বিহীন এতিয়া মাতৃ–কন্যা৷ ভয়–শংকাই উজাগৰী নিশা কটাবলগীয়া হৈছে দুৰ্ভগীয়া মাতৃ আৰু কন্যাই৷ কাৰণ হাত ভৰিৰ শিকলী খোলা গ’লেই যুৱকজনে এফালৰ পৰা ভাঙি চুৰ–মাৰ কৰে ঘৰৰ আচবাব৷ সময়তে বিচৰা বস্তু নাপালে মাৰধৰ কৰে মাতৃ আৰু একমাত্ৰ ভগ্নীক৷

বিগত দুটা বছৰে মাতৃ আৰু কন্যাই প্ৰতিদিনেই সন্মুখীন হৈ আহিছে এই পৰিস্থিতিৰ৷ ইতিমধ্যই ঘৰৰ সকলো আচ-বাব ভাঙি চুৰ মাৰ কৰিছে যুৱকজনে৷ অৱশেষত উপায়বিহীন মাতৃয়ে নিজৰ পুত্ৰক ঘৰতে শিকলিৰে হাত–ভৰি বান্ধি ৰখাৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে৷ কাৰণ নোহোৱাকৈ ওচৰ–চুবুৰীয়াৰ বহুকেইজন লোককো মাৰ–ধৰ কৰাৰ লগতে বহুকেইটা ঘৰৰ আচবাব ভাঙি চুৰ মাৰ কৰিছে৷

আনৰ ঘৰত কাম কৰা মাতৃয়ে ইতিমধ্য বহু চিকিৎসক আৰু কবিৰাজৰ কাষ চাপিছে যদিও কোনো ধৰণৰ সুফল নোপোৱাত অসমবাসীৰ ওচৰত বিচাৰিছে সহায়ৰ হাত৷ কাৰণ উন্নত চিকিৎসাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোৰ হাতত নাই টকা৷ ইতিমধ্য ওচৰ–চুবুৰীয়াই বিভিন্ন সময়ত পৰিয়ালটোক সহায়–সহযোগিতা আগবঢ়াই আহিছিল যদিও শেহতীয়াকৈ ওচৰ–চুবুৰীয়ায়ো চৰকাৰ তথা ৰাজ্যবাসীৰ পৰা বিচাৰিলে সহায়ৰ হাত৷ উপযুক্ত চিকিৎসা পালে যুৱকজনে এক নতুন জীৱন পাব বুলি আশা পৰিয়ালৰ লগতে অঞ্চলবাসীৰ।
Published by: Sanjay Kumar Das
First published: November 16, 2020, 12:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading