আজি মাতৃ দিৱস। আজিৰ দিনটোত বহুতে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে নিজৰ মাতৃকলৈ বহু আবেগ ভৰা পোষ্ট।
আজি মাতৃ দিৱস। আজিৰ দিনটোত বহুতে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে নিজৰ মাতৃকলৈ বহু আবেগ ভৰা পোষ্ট।
আজি মাতৃ দিৱস। আজিৰ দিনটোত বহুতে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে নিজৰ মাতৃকলৈ বহু আবেগ ভৰা পোষ্ট। অভিনেতা-অভিনেত্ৰীৰ পৰা ৰাজনীতিবিদলৈকে সকলোৱে শ্বেয়াৰ কৰিছে মাতৃৰ সৈতে থকা বহু ভাললগা মুহূৰ্তৰ ফটো। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে মাতৃৰ দীৰ্ঘায়ু কামনাৰ বাবে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো নিজৰ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে মাতৃ দিৱসৰ বিশেষ পোষ্ট। হিমন্ত বিশ্ব শৰ্মাই লিখিছে যে, 'জন্মদাত্ৰীক কৃতজ্ঞতা জনোৱাৰ সাহস মোৰ নাই৷ জননী জন্মভূমি স্বৰ্গতকৈও শ্ৰেষ্ঠা,চিৰ আৰাধ্যাক কোনোবা এটা বিশেষ দিনত নহয়; সৰ্বদায় হৃদয়ৰ মণিকূটত ৰাখি স্মৰণেৰে সেৱা আগবঢ়াই আহিছোঁ। প্ৰতিটো ক্ষণ, প্ৰতিটো পলত তেওঁৰ আশীৰ্বাদে আমাক বান্ধি ৰাখক -- তাৰ বাবে তেওঁৰ চৰণত জনালোঁ প্ৰাৰ্থনা।'
কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েই নহয়, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শ্বেয়াৰ কৰিছে মাতৃ দিৱসৰ বিশেষ পোষ্ট।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|