'মোৰ ল'ৰাটোক এবাৰ পঠিয়াই দিয়ক, সি জীয়াই আছেনে নাই নাজানো, নাই যদিও কৈ দিয়ক’ – পৰেশ বৰুৱালৈ এগৰাকী মাতৃৰ আহ্বান

এতিয়া ৰোগাক্ৰান্ত বৃদ্ধা পিতৃয়ে এবাৰ চাব বিচাৰিছে নিজ পুত্ৰক।
এতিয়া ৰোগাক্ৰান্ত বৃদ্ধা পিতৃয়ে এবাৰ চাব বিচাৰিছে নিজ পুত্ৰক।
- News18 Assam
- Last Updated: June 12, 2020, 4:45 PM IST
এতিয়া ৰোগাক্ৰান্ত বৃদ্ধা পিতৃয়ে এবাৰ চাব বিচাৰিছে নিজ পুত্ৰক। নিৰুপাই মাতৃৰ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক কাতৰ অনুৰোধ – 'মোৰ লৰাটোক এবাৰ পঠিয়াই দিয়ক, সি জীয়াই আছে নে নাই তাকো নাজানো। নাই যদিও কৈ দিয়ক। আপুনি জেৰাই গাঁৱৰ মই ৰাজাবাৰীৰ। ইমান দুখ হৈছে আপোনাৰ বেয়া নালাগিবনে। আমাৰ ল'ৰাটো ইমান দিনৰ পৰা নাই। মৃত্যুৰ সময়ত এবাৰ চাবলৈ দিয়ক।’
ইয়াৰ বাবে ভুল নুবুজিবলৈও আহ্বান জনায় মাতৃগৰাকীয়ে। আৰ্থিক দৈন্যতাৰ বাবে স্বামীৰ সু-চিকিৎসা কৰোৱাত সৃষ্টি হোৱা সমস্যাৰ বিষয়ে উল্লেখ কৰি 'আমাৰো দেশপ্ৰেম আছে’ বুলি কৈ নিজ সন্তানক এবাৰ ঘৰলৈ পঠিয়াই দিবলৈ বাৰে বাৰে অনুৰোধ জনাইছে পৰেশ বৰুৱাক।