বৰহোলাৰ জয়ন্ত বৰাৰ ৰহস্যজনক মৃত্যুৰ বাবে দায়ী কোন? দোষীৰ শাস্তিৰ দাবীত মাতৃৰ আমৰণ অনশন

জয়ন্ত বৰাৰ ঘটনাৰ তদন্ত প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবীত তথা দোষী বিষয়াসকলক শাস্তি প্ৰদানৰ দাবীত শুকুৰবাৰৰ পৰা আমৰণ অনশনত বহে জয়ন্তৰ মাতৃ।
জয়ন্ত বৰাৰ ঘটনাৰ তদন্ত প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবীত তথা দোষী বিষয়াসকলক শাস্তি প্ৰদানৰ দাবীত শুকুৰবাৰৰ পৰা আমৰণ অনশনত বহে জয়ন্তৰ মাতৃ।
- News18 Assam
- Last Updated: August 21, 2020, 6:59 PM IST
কিন্তু যেন ফুটুকাৰ ফেনত পৰিণত হ’ল মুখ্যমন্ত্ৰীৰ নাম লৈ মন্ত্ৰী অতুল বৰাই দিয়া প্ৰতিশ্ৰুতি। ফলত পুনৰ উত্তাল হ’বলৈ গৈছে বৰহোলা। জয়ন্ত বৰাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ নামত চৰকাৰে প্ৰহসন কৰাৰ অভিযোগত পুনৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে জয়ন্তৰ পৰিয়াল আৰু একাংশ সংগঠনে। বৰহোলাত সেনা-আৰক্ষীৰ অভিযানৰ পিছতে ৰহস্যজনকভাৱে মৃত্যু হোৱা জয়ন্ত বৰাৰ ঘটনাৰ তদন্ত প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবীত তথা দোষী বিষয়াসকলক শাস্তি প্ৰদানৰ দাবীত শুকুৰবাৰৰ পৰা আমৰণ অনশনত বহে জয়ন্তৰ মাতৃ। চিকিৎসকৰ প্ৰতিবেদন মতে জয়ন্তৰ মাতৃ সুস্থ নহয়। কিন্তু তেনে অৱস্থাতো ন্যায় প্ৰাপ্তিৰ দাবীত একাংশ সংগঠনৰ সহযোগত অনশনত বহিছে বৰ্ষীয়ান মহিলাগৰাকী।
যোৱা ১৪ জুনত বৰহোলাত সেনা বাহিনীয়ে আৰক্ষীৰ সহযোগত চলোৱা অভিযানৰ পিছতে ৰহস্যজনক ভাৱে ১৫ জুনৰ পুৱতিনিশা মৃত্যু হৈছিল জয়ন্ত বৰা নামৰ যুৱকজনৰ। এই ঘটনাৰ পিছতে পৰিস্থিতি উত্তাল হৈ পৰিছিল বৰহোলাৰ। জয়ন্ত বৰাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰি এসপ্তাহৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰা তথা এই ঘটনাৰ সৈতে জড়িত সকলো ব্যক্তিকে উচিত শাস্তি প্ৰদানৰ ব্যৱস্থা লোৱাৰ আশ্বাস দিছিল সেই সময়ত জয়ন্ত বৰাৰ বাসগৃহত উপস্থিত হোৱা মন্ত্ৰী অতুল বৰাই। কিন্তু যেন প্ৰতিশ্ৰুতিৰ মাজতে সীমাবদ্ধ হৈ থাকিল মন্ত্ৰীৰ আশ্বাস। বৰ্তমানলৈকে আয়ুক্ত ললিত গগৈয়ে কৰা তদন্তৰ প্ৰতিবেদনত কি পোৱা গল সেয়া নাজানে পৰিয়ালৰ লোকে। আনকি জয়ন্তৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনো দিয়া হোৱা নাই পৰিয়ালৰ লোকক।
"মন্ত্ৰী আমাৰ ঘৰলৈ আহি দোষীৰ শাস্তিৰ ব্যৱস্থা কৰা হ’ব বুলি লিখিত প্ৰতিশ্ৰুতি দিছিল। কিন্তু ৬৫ দিন পাৰ হৈ যোৱাৰ পিছতো একো ব্যৱস্থা হাতত নল’লে। সেয়েহে মই দোষীৰ শাস্তিৰ দাবীত অনশনত বহিছো। যদিহে আমাক সাহায্য হিচাপে কিছু টকা দি দোষীক চৰকাৰে সুৰক্ষা দিব বিচাৰিছে তেন্তে আমি সেই টকা ঘূৰাই দিম।", অত্যন্ত ক্ষোভেৰে ক’লে জয়ন্তৰ মাতৃ লীলা বৰাই।
বৰ্তমান এই ঘটনা সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ তদন্ত কৰি আছে আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই। আনহাতে, আয়ুক্ত ললিত গগৈয়ে কৰা তদন্তৰ প্ৰতিবেদন কেইদিনমান পূৰ্বে চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষক জমা দিছে। কিন্তু সেই নিশা চৰাইদেউৰ পৰা আহি এই অভিযানৰ নেতৃত্ব দিয়া সেনা বাহিনীৰ দলটোৰ ওপৰত কি ব্যৱস্থা লোৱা হৈছে সেই বিষয়ে কোনো তথ্য জানিব পৰা হোৱা নাই। ৰহস্যজনক মৌনতা অৱলম্বন কৰিছে চৰাইদেউস্থিত সেনাবাহিনীৰ 244 ফিল্ড ৰেজিমেণ্টৰ কৰ্তৃপক্ষই।
ইতিমধ্যে নিলম্বিত দুগৰাকী আৰক্ষী বিষয়া ক্ৰমে তদানীন্তন বৰহোলা থানাৰ অ'চি মিণ্টু সন্দিকৈ আৰু বেকাজান আৰক্ষী চকীৰ তদানীন্তন আই চি গোপাল দলেই পুনৰ কৰ্তব্যত যোগদান কৰিছে। কিন্তু জয়ন্তৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু তদন্ত প্ৰতিবেদনত কি পোৱা গ’ল তাৰ ওপৰতে এই ঘটনাৰ পৰৱৰ্তী পদক্ষেপসমূহ যে বহু পৰিমাণে নিৰ্ভৰ কৰিব সেয়া নিশ্চিত।