মুখ্যপৃষ্ঠা »খবৰ »অসম »১২ বছৰ বয়সতে হৈছিল বিয়া, পিতৃ–মাতৃ জে’ললৈ যোৱাৰ আশংকাতে চৰম সিদ্ধান্ত ল’লে ২ সন্তানৰ মাতৃ খুচবুৱে!

১২ বছৰ বয়সতে হৈছিল বিয়া, পিতৃ–মাতৃ জে’ললৈ যোৱাৰ আশংকাতে চৰম সিদ্ধান্ত ল’লে ২ সন্তানৰ মাতৃ খুচবুৱে!

২০১২ চনতে বিবাহপাশত আবদ্ধ হৈছিল খুচবু। স্বামী মনোজ মিঞাৰ সৈতে বিবাহপাশত আ‍দ্ধ হোৱাৰ সময়ত খুচবুৰ বয়স আছিল ১২ বছৰ।

২০১২ চনতে বিবাহপাশত আবদ্ধ হৈছিল খুচবু। স্বামী মনোজ মিঞাৰ সৈতে বিবাহপাশত আ‍দ্ধ হোৱাৰ সময়ত খুচবুৰ বয়স আছিল ১২ বছৰ।

  • Share this:
ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে চলিছে আৰক্ষীৰ তীব্ৰ অভিযান (Assam drive against child marriage)। গ্ৰেপ্তাৰ হৈছে বহু লোক। বাল্য বিবাহ কৰোৱা দৰাৰ লগতে পৰিয়ালৰ লোক, আত্মীয়সকলো পৰিছে আৰক্ষীৰ জালত। ইয়াৰ মাজতে মানকাচৰত (Mankachar) সংঘটিত হ’ল এক মৰ্মান্তিক ঘটনা।

পিতৃ–মাতৃ জে’ললৈ যোৱাৰ আশংকাত চৰম সিদ্ধান্ত ল’লে এগৰাকী মহিলাই। ১২ বছৰ বয়সতে বিয়া হৈছিল খুচবু বেগম নামৰ ২ সন্তানৰ মাতৃগৰাকী। এতিয়া খুচবুৰ বয়স হৈছিল ২৩ বছৰ। ঝাউদাঙা পূবেৰ গাঁৱত সংঘটিত হৈছে এই মৰ্মন্তুদ ঘটনা।

২০১২ চনতে বিবাহপাশত আবদ্ধ হৈছিল খুচবু। স্বামী মনোজ মিঞাৰ সৈতে বিবাহপাশত আ‍দ্ধ হোৱাৰ সময়ত খুচবুৰ বয়স আছিল ১২ বছৰ। কিন্তু দুৰ্ভাগ্যজনকভাৱে কোভিডত মৃত্যু হৈছিল খুচবুৰ স্বামীৰ।

কিন্তু শেহতীয়াকৈ ৰাজ্যজুৰি বাল্য বিবাহৰ (ChildMarriage) বিৰুদ্ধে চলা অভিযানৰ সময়তে খুচবুৱে ল’লে চৰম সিদ্ধান্ত। ১২ বছৰ বয়সতে পিতৃ–মাতৃয়ে বিয়া খুচবুৱে পিতৃ–মাতৃ জে’ললৈ যোৱাৰ আশংকাতে এই সিদ্ধান্ত লোৱাৰ অভিযোগ উঠিছে। খচবুৰ চৰম সিদ্ধান্তৰ পিছত এতিয়া পিতৃগৃহত হাহাকাৰ লাগিছে। বিৰাজ কৰিছে শোকাকুল পৰিৱেশে।

শেহতীয়া বাতৰি