ডিঙি কাটি দুই সন্তানক হত্যা কৰি গাত জুই লগাই আত্মহত্যা মাতৃৰ, কোকৰাঝাৰত হৃদয়বিদাৰক ঘটনা

ঘটনাৰ সময়ত ঘৰত নাছিল মহিলাগৰাকীৰ স্বামী তথা দুৰ্ভগীয়া দুই সন্তানৰ পিতৃ

news18assam
Updated:April 28, 2019, 8:36 AM IST
ডিঙি কাটি দুই সন্তানক হত্যা কৰি গাত জুই লগাই আত্মহত্যা মাতৃৰ, কোকৰাঝাৰত হৃদয়বিদাৰক ঘটনা
ঘটনাৰ সময়ত ঘৰত নাছিল মহিলাগৰাকীৰ স্বামী তথা দুৰ্ভগীয়া দুই সন্তানৰ পিতৃ
news18assam
Updated: April 28, 2019, 8:36 AM IST
কোকৰাঝাৰত শনিবাৰে সংঘটিত হয় এক চৰম হৃদয় বিদাৰক ঘটনা।

ফকিৰাগ্ৰাম নেছামাৰিৰ সুজালা দাস নামৰ মহিলাগৰাকীয়ে ডিঙি কাটি হত্যা কৰিলে দুই সন্তানক। পিছত গাত জুই লগাই আত্মহত্যা কৰে মহিলাগৰাকীয়ে। এই ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে কোকৰাঝাৰত। কি কাৰণত মহিলাগৰাকীয়ে এনে চৰম পন্থা গ্ৰহণ কৰিলে সেই সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই। শনিবাৰে নিশাই ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। পুত্ৰ, কন্যাক হত্যা কৰাৰ সময়ত ঘৰত উপস্থিত নাছিল মহিলাগৰাকীৰ স্বামী দীনবন্ধু দাস। নিহত দুই সন্তান হৈছে ৯বছৰীয়া ৰিম্পা দাস আৰু দুই বছৰীয়া দিগন্ত দাস।
আৰু চাওক পৰৱৰ্তী বাতৰি