• Home
  • »
  • News
  • »
  • assam
  • »
  • 'শিক্ষাৰ মূল হ'ব লাগিব মাতৃভাষা, ইংৰাজী-হিন্দী ভাষাও সলসলিয়াকৈ জানিব লাগিব'-LCB কলেজৰ সোণালী জয়ন্তী উৎসৱৰ মুকলি সভাত মুখ্যমন্ত্ৰী

'শিক্ষাৰ মূল হ'ব লাগিব মাতৃভাষা, ইংৰাজী-হিন্দী ভাষাও সলসলিয়াকৈ জানিব লাগিব'-LCB কলেজৰ সোণালী জয়ন্তী উৎসৱৰ মুকলি সভাত মুখ্যমন্ত্ৰী

LCB কলেজৰ সোণালী জয়ন্তী উৎসৱৰ মুকলি সভাত মুখ্যমন্ত্ৰী

LCB কলেজৰ সোণালী জয়ন্তী উৎসৱৰ মুকলি সভাত মুখ্যমন্ত্ৰী

LCB কলেজৰ সোণালী জয়ন্তী উৎসৱৰ মুকলি সভাত মুখ্যমন্ত্ৰী

  • Share this:
দেওবাৰে ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ মুকলি সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সভাত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষাৰ লগত জড়িত বহুকেইটা বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মাতৃভাষাৰ লগতে অন্যান্য ভাষা শিকাৰ বাবেও শিক্ষাৰ্থীক জোৰ দিব লাগে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ''শিক্ষাৰ মূল হ'ব লাগিব মাতৃভাষা। এয়া ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ উদ্দেশ্য। আমি ইংৰাজী, হিন্দী সলসলীয়াকৈ ক'ব নোৱাৰো। আমি কেৱল শদিয়াৰ পৰা ধুবুৰীতে সীমাবদ্ধ। বিশ্বৰ মানুহে জনা ভাষা শিকিব লাগিব। বন্ধুৰ ভাষা আমি শিকিব লাগিব। বেংগালুৰুৰ IT প্ৰতিষ্ঠান দখল কৰিব বিচৰাৰ যুৱক-যুৱতী বিচাৰো। কেৱল অসমতে সীমাবদ্ধ হৈ থাকিব বিচাৰে সকলোৱে। শৰীৰৰ সুস্থ থকা লোকৰ কাম কৰাৰ ইচ্ছা কম। ১-২ কিঃমিঃ দুৰত্বত মা, দেউতাৰ কাষত থকি কাম কৰিব বিচাৰে। কিন্তু শাৰিৰীক অক্ষম লোকেই বহু কৰিছে।'

ভূপেন হাজৰিকাৰ প্ৰসংগ টানি আনি মুখ্যমন্ত্ৰী শৰ্মাই উপস্থিত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি কয় যে, 'ভূপেন হাজৰিকাই যদি হিন্দী গীত গালে হয়, তেতিয়া হ'লে বহু দূৰলৈ গ'ল হয়। কিন্তু তেখেতে যেতিয়া হিন্দী গীত গাবলৈ আৰম্ভ কৰিলে তেতিয়া বহু দেৰি হ'ল। আমি হিন্দী, ইংৰাজী সলসলীয়াকৈ জানিব লাগিব। শিক্ষক-শিক্ষয়িত্ৰীসকলে পাঠদান কৰাৰ আগত ১০ মিনিট সময় গুগলত বিষয়টোৰ নতুন সংযোজন হৈছে নেকি চাওক। কলেজে ডিচ কলেজিয়েট কৰে। কিন্তু মই সেইটো বিশ্বাস নকৰো। অধ্যাপক-অধ্যাপিকাসকলে শিক্ষাৰ্থীক বাধ্য কৰাব লাগিব। শিক্ষকসকলে জ্ঞানৰ পৰিধি বৃদ্ধি কৰিব লাগিব। কিয় নিজৰ শ্ৰেণীত শিক্ষাৰ্থী নাথাকে। সেয়া উপলব্ধি কৰিব লাগিব।'

ইফালে কলেজখনৰো সৰ্বাংগীন বিকাশৰ বাবে বহুকেইটা পদক্ষেপৰ বিষয়ে জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে। 'LCB কলেজৰ যোগাযোগ ব্যৱস্থা সুচল কৰা হ'ব। কিদৰে AT ৰোডৰ লগত সংযোগ কৰিব পাৰি তাৰ ব্যৱস্থা কৰিম। IIT গুৱাহাটীৰ লগত লগ লাগি কাম কৰিম। পুঁজি চৰকাৰে দিব। অভিযন্তাৰ লগত কথা পাতি কিদৰে LCB কলেজলৈ কম সময়তে আহিব পাৰি সেই ক্ষেত্ৰত মোক প্ৰতিবেদন দিয়ক।'-মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক উদ্দেশ্যি এনেদৰে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published: