পঞ্চম শ্ৰেণীলৈকে ৰাজ্যৰ সকলো বিদ্যালয়তে মাতৃভাষা মাধ্যমত হ’ব শিক্ষাদান- স্পষ্ট ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

News18 Assam | News18-Assam
Updated:August 16, 2020, 8:29 PM IST
পঞ্চম শ্ৰেণীলৈকে ৰাজ্যৰ সকলো বিদ্যালয়তে মাতৃভাষা মাধ্যমত হ’ব শিক্ষাদান- স্পষ্ট ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
ভাল খবৰ! মাতৃভাষা ভাষা প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

ভাল খবৰ! মাতৃভাষা ভাষা প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

  • Share this:
ভাল খবৰ! মাতৃভাষা ভাষা প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। আগন্তুক শিক্ষা বৰ্ষৰ পৰা ৰাজ্যৰ প্ৰতিখন বিদ়্যালয়তে পঞ্চম শ্ৰেণী পৰ্যন্ত মাতৃভাষা মাধ্যমত হ’ব পাঠদান। ৰাজ্যৰ ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহো আহিব ইয়াৰ আওঁতালৈ। কিন্তু পঞ্চম শ্ৰেণীলৈকে ইংৰাজী বিষয় হিচাপে থাকিবনে নাথাকে সেই কথা স্পষ্ট নকৰিলে শিক্ষামন্ত্ৰীয়ে।

ইংৰাজী মাধ্যমত ষষ্ঠ শ্ৰেণীৰ পৰাহে আৰম্ভ হ’ব ইংৰাজী মাধ্যমত পাঠদান। লগতে দশম শ্ৰেণীলৈকে বিষয় হিচাপে অসমীয়া পঢ়াতো বাধ্যতামূলক হ’ব ৰাজ্যৰ সকলো বিদ্যালয়তে। শনিবাৰে মৰিগাঁৱত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি স্পষ্ট ৰূপত এই ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইফালে নতুন শিক্ষা নীতিৰ প্ৰাৰম্ভীক কাঠামো ৰাজ্য চৰকাৰে অহা ডিচেম্বৰ-জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে। ভাষণ প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, শিক্ষানীতি অনুসৰি প্ৰতিখন বিদ্যালয়তে পঞ্চম শ্ৰেণীলৈকে মাতৃভাষা মাধ্যমত শিক্ষাদান কৰোৱাৰ পৰামৰ্শ দিয়া হৈছে। আনকি প্ৰধানমন্ত্ৰীয়েও এই কথা উল্লেখ কৰিছে। গতিকে ৰাজ্য চৰকাৰে এই ব্যৱস্থা ৰাজ্যত শীঘ্ৰে বলৱত্‍ কৰিবলৈ সংকল্প লৈছে।
Published by: Himangshu Bhuyan
First published: August 16, 2020, 8:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading