"সি ঘৰখনত অশান্তি কৰি থাকে, সদায় ড্ৰাগছ খাবলৈ পইচা নিদিলে হুলস্থুল কৰে, ঘৰৰ বস্তু ভাঙে। যোৱানিশাও আমাক ঘৰত থাকিব দিয়া নাই। বেলেগৰ ঘৰৰ তাঁতশালৰ তলত বহুত সময় লুকাই থাকিলো তাৰ পিছত তাৰ পৰা তাঁতশালৰ ৰডদাল উলিয়াই কঁকালত কোব দিলো আৰু ঘৰৰ পৰা দা আনি দাৰে কেইবাটাও ঘাপ মাৰিলো, মাৰিম বুলিয়ে মৰিছো, আৰু কিমান আৰু সহ্য কৰিম। মোক জে’ল দিলেও দিয়ক, ফাঁচি দিলেও দিয়ক। তাৰ কাৰণে খোৱাতো সুখ নাই, তাৰ অত্যাচাৰৰ কাৰণে আধা ভাত খাই ঘৰৰ পৰা পলাব লাগে।" – নিজ সন্তানক হত্যা কৰি এয়া এগৰাকী মাতৃৰ অকপট স্বীকাৰোক্তি।
নিজে তুলি তালি ডাঙৰ কৰা নিজ পুত্ৰক কিমান আঘাত পালে হত্যা কৰিব পাৰে জন্মদাত্ৰী মাতৃয়ে। কিমান কষ্ট পালে নিজ পুত্ৰৰ হত্যাকাৰীৰূপে থিয় দিব পাৰে এগৰাকী মাতৃ। এনে এক হৃদয় জোকাৰি যোৱা ঘটনা সংঘটিত হয় মঙলদৈত। মঙলদৈ শইকীয়া পাৰাত সংঘটিত হ’ল এই চাঞ্চল্যকৰ হত্যাকাণ্ড।
ড্ৰাগছ আসক্ত পুত্ৰক হত্যা কৰি উচুপি উচুপি আৰক্ষীৰ সন্মুখত নিজ মুখে স্বীকাৰ কৰে মাতৃয়ে। মঙলদৈ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অভিযুক্ত মাতৃয়ে মঙলদৈ সদৰ আৰক্ষী চকীত আত্মসমৰ্পণ কৰি ড্ৰাগছ আসক্ত পুত্ৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰিয়েই হত্যা কৰা বুলি স্বীকাৰ কৰে। মহিলাগৰাকীয়ে জনোৱা মতে, বহুদিনৰ পৰাই প্ৰতিদিনে ড্ৰাগছ আসক্ত পুত্ৰই ঘৰখনত অত্যাচাৰ চলাই আহিছিল।
মাকৰ লগতে ঘৰৰ আন সদস্যৰ খোৱা–বোৱা আনকি ঘৰত থকাও কঠিন হৈ পৰিছিল। পলাই ফুৰিব লগা হৈছিল আনৰ ঘৰত। প্ৰতিদিনৰ দৰে যোৱানিশাও পুত্ৰই মাতৃৰ পৰা টকা বিচাৰে। কিন্তু মাতৃয়ে টকা নিদিয়াত পুনৰ ঘৰখনত অত্যাচাৰ চলাই ঘৰৰ আন আন পৰিয়ালক মাৰিবৰ বাবে খেদি ফুৰছিল যুৱকজনে। পুত্ৰই প্ৰতিদিনে চলোৱা এনে অত্যাচাৰ সহ্য কৰিব নোৱাৰি মাতৃয়ে লুকাই থকাৰ পৰা গৈ পুত্ৰক এডাল ৰডেৰে কঁকালত কোব দিয়াৰ পিছত দাৰে ঘপিয়াই হত্যা কৰা বুলি নিজ মুখে স্বীকাৰ কৰে।
লগে লগে আৰক্ষী উপস্থিত হৈ যুৱকজনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসালয়ত মৃত্যু হয়। মঙলদৈ আৰক্ষীয়ে হত্যা কৰিবলৈ ব্যৱহাৰ কৰা ৰদ আৰু দা উদ্ধাৰ কৰে আৰু অভিযুক্ত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে মৃত যুৱকজন পূৰ্বেও এনেকুৱা ঘৰুৱা অত্যাচাৰৰ বাবেই তিনিবাৰ কাৰাগাৰৰ আলহী হ’বলগা হৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|