চিকিৎসক আৰু নাৰ্ছৰ মতে প্ৰসূতিয়ে জন্ম দিছিল ল'ৰা সন্তান। চিকিৎসক আৰু নাৰ্ছৰ মতে প্ৰসূতিয়ে জন্ম দিছিল ল'ৰা সন্তান। লখিমপুৰৰ মাতৃ আাৰু শিশু স্বাস্থ্য চিকিৎসালয়ত আজৱ ঘটনা ৷ৰাতিৰ ভিতৰতে ল'ৰা শিশু সলনি হৈ হ'ল কন্যা শিশু ৷ কালি লখিমপুৰ মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়ত ঘাৰমৰাৰ এগৰাকী মাতৃয়ে জন্ম দিছিল এটি ল'ৰা সন্তান, কিন্তু পুৱা শুই উঠি দেখে মাতৃৰ কোলাত আছে এটি কন্যা শিশু ৷
এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। শিশু মাৰু মাতৃ বিভাগত নৱজাতক শিশু সালসলনি হোৱাৰ অভিযোগ উত্থাপন কৰিছে নৱজাতকৰ পৰিয়ালে। শনিবাৰে লখিমপুৰৰ (Lakhimpur) ঘাৰমৰাৰ ছায়ামণি দাস নামৰ এগৰাকী প্ৰসূতিক ভৰ্তি কৰোৱাৰ পিছত জন্ম হৈছিল ল'ৰা সন্তানটোৰ।
চিকিৎসক আৰু নাৰ্ছৰ মতে প্ৰসূতিয়ে জন্ম দিছিল ল'ৰা সন্তান। কিন্তু আজি পুৱা শিশুটিৰ কাপোৰ খোলোতেই আৰম্ভ হ'ল ৰহস্য। চিকিৎসক আৰু নাৰ্ছে জন্ম লাভ কৰা শিশুটি ল'ৰা বুলি কোৱাৰ পিছত কন্যা সন্তান দেখি শিশু সালসলনি কৰাৰ অভিযোগ পৰিয়ালৰ (Complaints of newborn child replacement) ৷
Published by: Gautam Barman
First published: June 26, 2022, 16:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|