বাহিৰৰ পৰা দুৱাৰখন বন্ধ কৰি পুত্ৰৰ জন্মদিনৰ নিমন্ত্ৰণ দিবলৈ গৈছিল মাতৃ, এতিয়ালৈকে নাজানে দুই পুত্ৰ আৰু নাই!

মাতৃৰ বুকু উদং কৰি চিৰদিনৰ বাবে আঁতৰি গ’ল দুই পুত্ৰ ঈশান আৰু ইবন। সৰ্বনাশী অগ্নিকাণ্ডত নিঠৰুৱা হ’ল এটি পৰিয়াল।
মাতৃৰ বুকু উদং কৰি চিৰদিনৰ বাবে আঁতৰি গ’ল দুই পুত্ৰ ঈশান আৰু ইবন। সৰ্বনাশী অগ্নিকাণ্ডত নিঠৰুৱা হ’ল এটি পৰিয়াল।
- News18 Assam
- Last Updated: January 23, 2020, 8:05 PM IST
আজি আছিল সৰু পুত্ৰ ইবনৰ জন্মদিন। ককায়েকৰ সৈতে ঘৰত ভিতৰতে ইবনক ৰাখি মাতৃয়ে জন্মদিনৰ বাবে ওচৰ চুবুৰীয়াক নিমন্ত্ৰণ জনাবলৈ গৈছিল। যাওতে ঘৰৰ দুৱাৰখন বাহিৰৰ পৰা বন্ধ কৰি গৈছিল মাতৃ শিল্পী গোস্বামীয়ে। কিন্তু সেইসময়তে সংঘটিত হ’ল সেই অনাকাংক্ষিত ঘটনাটো।

কিন্তু সন্তানৰ মৃত্যুৰ খবৰ মাতৃক দিবলৈ এতিয়া সাহস কৰিব পৰা নাই কোনেও। ওচৰ চুবুৰীয়াৰ ঘৰত চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে মাতৃ। শিৱসাগৰত থকা পিতৃও আহি এতিয়ালৈকে ঘৰত উপস্থিত হোৱা নাই।
ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগতে ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।