মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam HSLC Results 2023 : মনৰ ইচ্ছা থাকিলে সকলো সম্ভৱ! একেলগে মেট্ৰিক পাছ কৰিলে মাতৃ–কন্য়াই

Assam HSLC Results 2023 : মনৰ ইচ্ছা থাকিলে সকলো সম্ভৱ! একেলগে মেট্ৰিক পাছ কৰিলে মাতৃ–কন্য়াই

Photo : Internet

Photo : Internet

মাজুলীৰ শেনচোৱা গাঁৱৰ পৰিমিতা দাসে কন্যাৰ কিতাপবোৰ পঢ়িবলৈ লয়। ঘৰ–সংসাৰ চম্ভালাৰ উপৰি দৈনিক পঢ়া–শুনা কৰি আহিছিল।

  • Share this:
মনৰ ইচ্ছা থাকিলে সকলো কামেই সম্ভৱ। কোনো কামৰ প্ৰতি আগ্ৰহ থাকিলে, মনে–প্ৰাণে সেই কামটো কৰিব বিচাৰিলে তাৰ ফলাফল এদিন নহয় এদিন লাভ কৰিবই। তাৰেই প্ৰমাণ দাঙি ধৰিলে মাজুলীৰ (Majuli) এগৰাকী মহিলাই। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত (HSLC Exam Results 2023) কন্যাৰ সৈতে একেলগে উত্তীৰ্ণ হ’ল মাতৃ (Mother and daughter passed HSLC examination together)। পঢ়াৰ সপোন আধৰুৱা হৈ ৰোৱা মহিলাগৰাকীয়ে কন্যাৰ কিতাপ পঢ়িয়ে পূৰণ কৰিলে মনৰ ইচ্ছা। মাজুলীৰ এই মহিলাগৰাকী এতিয়া যেন বহুতৰ বাবে প্ৰেৰণাস্বৰূপ হৈ পৰিছে।

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, মহিলাগৰাকীৰ নাম পৰিমিতা দাস। সৰুৰে পৰা পঢ়াৰ প্ৰতি অত্যন্ত হাবিয়াস আছিল পৰিমিতাৰ। কিন্তু বিভিন্ন কাৰণত আধৰুৱা হৈ ৰৈছিল পঢ়া–শুনা। মনতে ৰৈছিল পঢ়াৰ হেঁপাহ। কালক্ৰমত আবদ্ধ হৈছিল বিবাহপাশত পৰিমিতা। ঘৰ–সংসাৰ চম্ভালিবলগীয়া হয় বিয়াৰ পিছত। কিন্তু পঢ়াৰ প্ৰতি থকা থকা আগ্ৰহ হেৰুৱাই পেলোৱা নাছিল মহিলাগৰাকীয়ে।

মাজুলীৰ শেনচোৱা গাঁৱৰ পৰিমিতা দাসে কন্যাৰ কিতাপবোৰ পঢ়িবলৈ লয়। ঘৰ–সংসাৰ চম্ভালাৰ উপৰি দৈনিক পঢ়া–শুনা কৰি আহিছিল। কন্যাই যেতিয়া নিশা পঢ়াৰ পিছত শুই গৈছিল, তেতিয়া মাতৃয়ে পঢ়িবলৈ আৰম্ভ কৰিছিল। পঢ়াৰ প্ৰতি থকা হেঁপাহ, মেট্ৰিক পাছ কৰাৰ সপোন পূৰণ কৰাৰ বাবে দৈনিক এইদৰে পঢ়িছিল কন্যাৰ কিতাপবোৰ। আৰু অৱশেষত কন্যাৰ সৈতে একেলগে মেট্ৰিকত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হ’ল পৰিমিতা।

মাতৃৰ এই সফলতাত সুখী তেওঁৰ কন্যাও। ফলাফলৰ পিছত কন্যাই ক’লে – ‘মা মোৰ বাবে আদৰ্শ। পঢ়াত মোতকৈ অলপ বেচি চোকা মা।’ মাতৃ–কন্যাৰ ফলাফলক লৈ আনন্দিত পৰিয়ালৰ লগতে অঞ্চলটোৰ লোকসকল। মহিলাগৰাকীৰ এই কৃতিত্বক সকলোৱে প্ৰশংসা কৰিছে।

উল্লেখযোগ্য যে ২২ মে’ত ঘোষণা কৰা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৪ লাখ ১৫ হাজাৰ ৩২৪ গৰাকী শিক্ষাৰ্থী। উত্তীৰ্ণৰ হাৰ ৭২.৬৯ শতাংশ। মুঠ ৩ লাখ ১ হাজাৰ ৮৭৯ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হয় পৰীক্ষাত। ইয়াৰ ভিতৰত প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৯৪,৯১৩ গৰাকী শিক্ষাৰ্থী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় ১ লাখ ৪৮ হাজাৰ ৫৭৩ গৰাকী শিক্ষাৰ্থী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৫৮ হাজাৰ ৩৯৪ গৰাকী শিক্ষাৰ্থী।

শেহতীয়া বাতৰি