• Home
  • »
  • News
  • »
  • assam
  • »
  • দুই সন্তানক বিহপান কৰোৱাই আত্মঘাতী মাতৃ, কৰিমগঞ্জৰ ধলছৰা গাঁৱত চাঞ্চল্য

দুই সন্তানক বিহপান কৰোৱাই আত্মঘাতী মাতৃ, কৰিমগঞ্জৰ ধলছৰা গাঁৱত চাঞ্চল্য

প্ৰতীকী ফটো

প্ৰতীকী ফটো

ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ এটা দল। আৰক্ষীৰ দলে উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত।

  • Share this:
কৰিমগঞ্জৰ ধলছৰা গাঁৱত চাঞ্চল্যকৰ ঘটনা। দুই সন্তানক বিহ পান কৰোৱাই আত্মঘাতী হৈছে এগৰাকী মাতৃ। মাতৃৰ লগতে মৃত্যু পুত্ৰ–কন্যাৰ। মৃত্যু হোৱা মহিলাগৰাকীৰ নাম হান্না বেগম।

কন্যা মাহী বেগম আৰু পুত্ৰ তানবিৰ হুছেইনক প্ৰথমে বিহ পান কৰাইছিল হান্না বেগমে। পিছত হান্না বেগমে চিপ লৈ নিজে আত্মঘাতী হয়। কি কাৰণে এগৰাকী মাতৃয়ে এই ঘটনা সংঘটিত কৰিলে এয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।

ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ এটা দল। আৰক্ষীৰ দলে উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত। ঘটনাক লৈ অঞ্চলটোত বিৰাজ কৰিছে চাঞ্চল্য।
Published by:Sanjay Kumar Das
First published: