• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘ইমান নিৰ্যাতন সহ্য কৰিব পৰাকৈ মই শক্তিশালী নহয়’ – কণমানি সন্তানক এৰি বিবাহ বাৰ্ষিকীৰ দিনাই পৃথিৱী এৰি গুচি গ’ল এইগৰাকী বোৱাৰীয়ে

‘ইমান নিৰ্যাতন সহ্য কৰিব পৰাকৈ মই শক্তিশালী নহয়’ – কণমানি সন্তানক এৰি বিবাহ বাৰ্ষিকীৰ দিনাই পৃথিৱী এৰি গুচি গ’ল এইগৰাকী বোৱাৰীয়ে

চৰম শাৰীৰিক–মানসিক নিৰ্যাতন সহিব নোৱাৰিয়েই আত্মহত্যাৰ পথ বাচি ল’লে মণিতাই। ফেচবুকক পোষ্টত কৈ গ’ল সমস্ত কাহিনী।

চৰম শাৰীৰিক–মানসিক নিৰ্যাতন সহিব নোৱাৰিয়েই আত্মহত্যাৰ পথ বাচি ল’লে মণিতাই। ফেচবুকক পোষ্টত কৈ গ’ল সমস্ত কাহিনী।

চৰম শাৰীৰিক–মানসিক নিৰ্যাতন সহিব নোৱাৰিয়েই আত্মহত্যাৰ পথ বাচি ল’লে মণিতাই। ফেচবুকক পোষ্টত কৈ গ’ল সমস্ত কাহিনী।

  • Share this:
বিবাহপাশত আ‍বদ্ধ হোৱাৰ মাথোঁ চাৰি বছৰ হৈছে। সংসাৰত আছে এটি ৩ বছৰীয়া কণমানি।‘এজন সৎ আৰু বিশ্বাসী স্বামী লাভ কৰিবলৈ মই ইমান সৌভাগ্যৱতী নহ’লো, প্ৰতিদিনেই ইমান ঘৰুৱা হিংসা, মানসিক নিৰ্যাতন সহ্য কৰিব পৰাকৈ মই শক্তিশালী নহয়’ বুলি ফেচবুকত পোষ্ট দি জীৱনৰ চৰম সিদ্ধান্ত বাচি ল’লে এগৰাকী বোৱাৰীয়ে।

১ ডিচেম্বৰৰ নিশা পৃথিৱীৰ সকলো মায়া–মোহ এৰি এই পৃথিৱীৰ পৰা গুচি গ’ল জাগীৰোডৰ কন্যা মণিতা ছেত্ৰীয়ে। ঘটনাৰ স্থান দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া আবাসিক এলেকাৰ D+98 নং বাসগৃহ।

২০১৬ চনৰ ১ ডিচেম্বৰত অইলৰ গাণনিক শাখাৰ বিষয়া কিৰণ ছেত্ৰীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল মণিতা। উচ্চশিক্ষিত মণিতা বিবাহৰ পূৰ্বে ভাল চাকৰি কৰিছিল। কিন্তু অইলত চাকৰি দিয়াৰ প্ৰলোভনেৰে অৰুণাচলৰ পাচিঘাটৰ বাসিন্দা কিৰণে বিয়া কৰাইছিল মণিতাক।

বিয়াৰ পিছৰে পৰা মণিতাৰ ওপৰত আৰম্ভ হয় শাৰীৰিক–মানসিক নিৰ্যাতন। চৰম শাৰীৰিক–মানসিক নিৰ্যাতন সহিব নোৱাৰিয়েই আত্মহত্যাৰ পথ বাচি ল’লে মণিতাই। ফেচবুকক পোষ্টত কৈ গ’ল সমস্ত কাহিনী।

ফেচবুক পোষ্টত মণিতাই লিখিছে –

মোৰ অকথিত কাহিনী...

মই এজন সৎ আৰু বিশ্বাসী লাভ কৰিব পৰাকৈ ইমান ভাগ্যৱান নহয়। প্ৰতিদিনে ঘৰুৱা হিংসা আৰু মানসিক নিৰ্যাতন সহ্য কৰিব পৰাকৈ সম্ভৱত মই ইমান শক্তিশালী নহয়। মোৰ বিয়াৰ বহু বছৰ হৈছে। মই এজন মৃত মানুহৰ দৰে জীয়াই আছো। আৰু এতিয়া মই ভাগৰুৱা। মই কোনো আশা দেখা নাই। এটি কণমানি নিস্পাপ শিশু এৰি যোৱাটো কিমান কঠিন সেয়া কোনেও অনুভৱ কৰিব নোৱাৰে। সেয়ে মোৰ ভগৱানলৈ অনুৰোধ – ‘অনুগ্ৰহ কৰি মোৰ শিশুটিক সুৰক্ষা দিয়াৰ লগতে সদাই তাৰ লগত থাকিবা, মই যোৱাৰ পিছত সি অকলশৰীয়া হৈ পৰিব।’ আৰু যদি সম্ভৱ, মোক ক্ষমা কৰি দিবা, মোৰ কণমানি পুত্ৰ। তোমাৰ মাই তোমাক সদায় বহু ভাল পায়।


ঘটনাৰ পিছতে কিৰণ ছেত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে মণিতাৰ পিতৃয়ে। উক্ত এজাহাৰমৰ্মে কিৰণ ছেত্ৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি