আইৰ সমান হ’ব কোন! ৫ হাজাৰ কিলোমিটাৰ গাড়ী চলাই পুত্ৰক ঘৰলৈ আনিলে মাতৃয়ে

News18 Assam | News18-Assam
Updated:May 23, 2020, 6:25 PM IST
আইৰ সমান হ’ব কোন! ৫ হাজাৰ কিলোমিটাৰ গাড়ী চলাই পুত্ৰক ঘৰলৈ আনিলে মাতৃয়ে
 ‘ল'ৰাটোক তাত এৰি কেনেকৈ থাকো ৷ বাঘো ওলাই তাত ৷ খোৱাতো সি কষ্ট পাইছিল’

 ‘ল'ৰাটোক তাত এৰি কেনেকৈ থাকো ৷ বাঘো ওলাই তাত ৷ খোৱাতো সি কষ্ট পাইছিল’

  • Share this:
‘ল'ৰাটোক তাত এৰি কেনেকৈ থাকো ৷ বাঘো ওলাই তাত ৷ খোৱাতো সি কষ্ট পাইছিল ৷ বহু চালকক ক'লো, পঞ্চাশ হাজাৰ পৰ্যন্ত দিম বুলি ক'লো ৷ নোলাল কোনো ৷ শেষত নিজেই সাহস গোটালো ৷ মাতৃ বাবেই এই শক্তি পালো নিশ্চয় ৷ ভূপাল পোৱাৰ আগে আগে এটা টিলা পাইছিলো ৷ টিলাৰ পৰা গাঁডীখন নমাই দিয়াৰ পিছতে এখন নদী পালোগৈ। বৰ ভয় খাইছিলো ৷ এক নিজান পথেৰে বনাঞ্চলৰ মাজেৰে গৈ থকাৰ সময়তো বৰ ভয় খাইছিলো। তাত এখন গাড়ীও নাছিল ৷’ এনেদৰেই পুত্ৰক ঘৰলৈ আনিবলৈ যাওতে সন্মুখীন হোৱা নানা প্ৰত্যাহ্বানৰ কথা মনত পেলাই এনেদৰে ক’লে নয়নমণি ডেকা নামৰ এগৰাকী মহিলাই।

এয়াই আচলতে এগৰাকী মাতৃৰ শক্তি ! ৫হাজাৰ কিলোমিটাৰ গাড়ী চলাই পুত্ৰক ঘৰলৈ আনিলে মাতৃগৰাকীয়ে। জাৰ্মানীৰ DFI CLUBৰ হৈ ফুটবল খেলা পুত্ৰ মাধুৰ্য মাধৱ বৰা দুৰ্ঘটনাৰ বাবে  ভূপালৰ জাগ্ৰাম লেক চিটী ইউনিভাৰচিটীত ৰিহাবত আছিল ৷ ল’ক ডাউনৰ পৰিপ্ৰেক্ষিতত ভূপালত বন্দী হৈ থাকিব লগীয়া হোৱা ফুটবলাৰ পুত্ৰ সন্মুখীন হৈছিল নানা সমস্যাৰ ৷ কিন্তু পুত্ৰৰ এনে সমস্যাক মানি ল’ব পৰা নাছিল মাতৃয়ে।

পুত্ৰক ঘৰলৈ উভতাই আনিবলৈ বিভিন্নজনক অনুৰোধ জনাইছিল যদিও কোৱাৰেণ্টাইন হোৱাৰ ভয়ত কোনো মান্তি হোৱা নাছিল। শেষত উপায়ন্তৰ হৈ এটা সৰু ল'ৰাক লগত লৈ ২৫০০ কিলোমিটাৰ গাড়ী চলাই ভূপাল পালেগৈ নয়নমণি ডেকা ৷ বাটত মাথো এঘণ্টাৰ জিৰণি লোৱা নয়নমণি ডেকাই বৰ্ণনা কৰিলে ভূপাল পোৱাৰ আগে আগে বাট হেৰুৱাৰ ভয়ংকৰ অভিজ্ঞতা ৷

১১মে'ত গুৱাহাটীৰ পৰা অবিৰাম যাত্ৰা কৰি পুত্ৰক লৈ ১৫মে' ত আহি সৰুসজাইত উপস্থিত হৈ সকলো নীতি নিয়ম পালন কৰি পুত্ৰ মাধূৰ্যক এতিয়া ঘৰতে কোৱাৰেণ্টাইন কৰিছে এইগৰাকী মাতৃয়ে ৷ সঁচাকৈয়ে এয়াই শক্তি এগৰাকী মাতৃৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading