অৰুণাচলত ভয়ংকৰ দুৰ্ঘটনাত নিহত চিৰাঙৰ মাতৃ-পুত্ৰ, শুই থকা অৱস্থাতে মহতিয়াই নিলে পথ নিৰ্মাণত ব্যৱহৃত বাহনে

News18 Assam | News18-Assam
Updated:June 7, 2021, 12:18 PM IST
অৰুণাচলত ভয়ংকৰ দুৰ্ঘটনাত নিহত চিৰাঙৰ মাতৃ-পুত্ৰ, শুই থকা অৱস্থাতে মহতিয়াই নিলে পথ নিৰ্মাণত ব্যৱহৃত বাহনে
পথৰ দাঁতিত থকা অস্থায়ী গৃহত শুই থকা সময়তে শনিবাৰে পুৱা পথ নিৰ্মাণত ব্যৱহৃত এখন বাহনে (হাইড্ৰা) দুয়োকে মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হয়৷

পথৰ দাঁতিত থকা অস্থায়ী গৃহত শুই থকা সময়তে শনিবাৰে পুৱা পথ নিৰ্মাণত ব্যৱহৃত এখন বাহনে (হাইড্ৰা) দুয়োকে মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হয়৷

  • Share this:
অৰুণাচলত নিহত চিৰাঙৰ শ্ৰমিক পৰিয়াল৷ চুবুৰীয়া ৰাজ্যখনৰ আপাৰ সিং জিলাত পথ নিৰ্মাণৰ কামত নিয়োজিত পৰিয়াল এটাক শুই থকা অৱস্থাতে বাহন এখনে মহতিয়াই নিয়াৰ ফলত চাৰি বছৰীয়া শিশুসহ মাতৃয়ে কৰুণ মৃত্যুক সাবটি লয়৷ নিহত মাতৃ–পুত্ৰক চিৰাঙৰ পাণবাৰীৰ আব্দাগুৰি গাঁৱৰ মাছুদা খাতুন আৰু পুত্ৰ মাজিদুৰ ৰহমান বুলি জানিব পৰা গৈছে৷

পথৰ দাঁতিত থকা অস্থায়ী গৃহত শুই থকা সময়তে শনিবাৰে পুৱা পথ নিৰ্মাণত ব্যৱহৃত এখন বাহনে (হাইড্ৰা) দুয়োকে মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হয়৷ মৃতদেহ দুটা শীঘ্ৰে চিৰাঙত থকা পৰিয়ালৰ লোকক চমজাই দিয়াৰ লগতে উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ বাবে স্থানীয় ৰাইজে দাবী জনাইছে৷
Published by: Sanjay Kumar Das
First published: June 7, 2021, 12:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি