গোলাঘাট জিলাৰ সৰুপথাৰৰ নাওজানত ভূমিকেন্দ্ৰিক বিবাদৰ পৰিণতিত গুৰুতৰভাৱে আহত এগৰাকী মহিলা। অসম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ পৰিয়ালত তথা নাওজান কৈৰী গাঁৱৰ নিবাসী বলীন বৰা আৰু তেওঁৰ ভাতৃৰ পৰিয়ালৰ মাজত সংঘটিত হৈছে এই ঘটনা। নিজৰ বাৰীত সোমোৱা গৰু খেদিবলৈ গৈ বলীন বৰাৰ উপস্থিতিত তেওঁৰ পত্নী আৰু তিনি কন্যাৰ পৰিকল্পিত আক্ৰমণৰ বলি হয় ভাই বোৱাৰী ৰিকুমনি বৰা। বলীন বৰাৰ পত্নী আৰু কন্যাৰ উপৰ্যুপৰি আক্ৰমণত ঠাইতে ঢলি পৰে ৰিকুমনি বৰা। স্বামী আৰু ওচৰ চুবুৰীয়াই উদ্ধাৰ কৰে মহিলাগৰাকীক।
এই সমগ্র ঘটনা ওচৰ-চুবুৰীয়াই প্ৰত্যক্ষ কৰে। ঘটনা সম্পৰ্কে ভুক্তভোগী পৰিয়ালে নাওজান আৰক্ষী চকীত গোচৰ ৰুজু কৰে বলীন বৰ , বৰাৰ পত্নী আৰু তিনিগৰাকী কন্যাৰ বিৰুদ্ধে। ভুক্তভোগীৰ গোচৰৰ ভিত্তিত বলীন বৰাৰ পত্নী আৰু জ্যেষ্ঠ কন্যাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে।
বলীন বৰা পেছাত এজন প্ৰধান শিক্ষক হোৱাৰ লগতে জ্যেষ্ঠ কন্যা এটা ৱেব প’ৰ্টেলৰ সাংবাদিক। শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত বলীন বৰাৰ সন্মুখতে তেওঁৰ পত্নী আৰু কন্যাই যি অমানৱীয় কাণ্ড সংঘটিত কৰিলে তাৰ বাবে সকলোৱে গৰিহণা দিছে বলীন বৰাৰ পৰিয়ালক। আনহাতে, ঘটনা সম্পৰ্কে বলীন বৰাৰ পৰা প্ৰতিক্ৰিয়া বিচৰাত ভাতৃয়ে ষড়যন্ত্ৰ কৰাৰহে অভিযোগ উত্থাপন কৰে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : June 19, 2020, 13:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।