• Home
  • »
  • News
  • »
  • assam
  • »
  • মাকৰ সৈতে আইতাকৰ ঘৰলৈ গৈছিল কণমানি অৰ্পিতা, আদবাটৰ পৰা ক’ত হেৰাল মাতৃ–কন্যা?

মাকৰ সৈতে আইতাকৰ ঘৰলৈ গৈছিল কণমানি অৰ্পিতা, আদবাটৰ পৰা ক’ত হেৰাল মাতৃ–কন্যা?

 ২৭ জানুৱাৰী তাৰিখে যোৰহাট চিন্তামণিগড় জুলুটুপ গাঁৱৰ মাকৰ ঘৰলৈ গৈছিল৷ লগত কনমাণি জী অৰ্পিতা৷ ২৭ তাৰিখে পুৱা প্ৰায় ১১ মান বজাত নঙলামৰা ঘটত এখন মেজিকত উঠি মাতৃ গৃহলৈ ৰাওনা হৈছিল৷

  • Share this:
যোৱা ২৫ জানুৱাৰী তাৰিখে মাতৃৰ সৈতে এনায়েকৰ ঘৰলৈ গৈছিল কণমানি অৰ্পিতা৷ কিন্তু আজি ছদিন পাৰ হোৱাৰ পিছতো মাতৃ-কন্যাৰ কোনো খবৰ নোপোৱাত চিন্তাত পৰিছে পৰিয়ালৰ লোক৷ শিৱসাগৰ জিলাৰ ধিতাইপুখুৰী নঙলামৰা ঘাটৰ ক্ষীৰোদ বুঢ়াগোহাঁইৰ পত্নী পিংকী বুঢ়াগোহাঁই যোৱা ২৭ জানুৱাৰী তাৰিখে যোৰহাট চিন্তামণিগড় জুলুটুপ গাঁৱৰ মাকৰ ঘৰলৈ গৈছিল৷ লগত কনমাণি জী অৰ্পিতা৷ ২৭ তাৰিখে পুৱা প্ৰায় ১১ মান বজাত নঙলামৰা ঘটত এখন মেজিকত উঠি মাতৃ গৃহলৈ ৰাওনা হৈছিল৷ যাত্ৰাপথত স্বামীলৈ কেইবাবাৰো ফোনো কৰিছিল, কিন্তু সন্ধিয়া সময়ৰ পৰা মবাইল অফ আছিল পিংকীৰ৷ নিশা পৰ্যন্ত মাতৃগৃহত পিংকী আৰু কন্যা অৰ্পিতা উপস্থিত নোহোৱা চিন্তিত হৈ পৰিল দুয়োটা পৰিয়ালৰ লোক৷

সেইদিনা নিশাই স্বামী ক্ষীৰোদে শিৱসাগৰ নঙলামৰা ঘাটৰ পৰা যোৰহাট চিন্তামণিগড় পৰ্যন্ত বিচাৰিলে যদিও কোনো খবৰ নাপালে মাতৃ–কন্যাৰ৷ দুই ঠাইৰ স্থানীয় আৰক্ষী থানাতো এজাহাৰ দাখিল কৰিছে স্বামী ক্ষীৰোদে৷ কিন্তু বৰ্তমানেও মাতৃ–কন্যাৰ কোনো সূংসূত্ৰ নাই৷ ইফালে বোৱাৰী আৰু নাতিনীয়েকৰ খবৰ নাপাই দুখত ভাগি পৰিছে অৰ্পিতাৰ আইতাক৷ কোনো লোকে যদি কণমানি অৰ্পিতা আৰু মাতৃ পিংকিৰ খবৰ পাই তেনেহলে ৯৩৬৫৬৩৬৫৯৫ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি