ছিপাঝাৰত পুখুৰীত জঁপিয়াই আত্মহত্যা মাতৃ–কন্যাৰ

মৃত মাতৃৰ নাম জয়া বৰুৱা আৰু বিবাহিত কন্যাৰ নাম ববিতা বৰুৱা নাথ।

news18assam
Updated:June 7, 2019, 2:14 PM IST
ছিপাঝাৰত পুখুৰীত জঁপিয়াই আত্মহত্যা মাতৃ–কন্যাৰ
মৃত মাতৃৰ নাম জয়া বৰুৱা আৰু বিবাহিত কন্যাৰ নাম ববিতা বৰুৱা নাথ।
news18assam
Updated: June 7, 2019, 2:14 PM IST
ছিপাঝাৰৰ নাৰিকলিত পুখুৰীত জঁপিয়াই আত্মহত্যা মাতৃ–কন্যাৰ। ঘৰৰ সমীপতে থকা পুখুৰীত জঁপিয়াই আত্মহত্যা কৰে দুয়ো। মৃত মাতৃৰ নাম জয়া বৰুৱা আৰু বিবাহিত কন্যাৰ নাম ববিতা বৰুৱা নাথ। ববিতা বৰুৱা নাথ হৈছে অতুল নাথ নামৰ লোকজনৰ পত্নী। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল দুই মাতৃ–কন্যা। জয়া বৰুৱা কৰ্কট ৰোগত আক্ৰান্ত হৈ থকাৰ লগতে জীয়ৰী ববিতা আক্ৰান্ত হৈ আছিল বৃক্কৰ ৰোগত। দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত মাতৃ–কন্যাই হতাশ হৈয়ে আত্মহত্যাৰ পথ বাচি লোৱা বুলি সন্দেহ কৰিছে একাংশ স্থানীয় লোকে।
আৰু চাওক পৰৱৰ্তী বাতৰি