உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অৱশেষত আৰক্ষীৰ জালত পৰিল ম’ষ্ট ৱাণ্টেড মিজু, স্কুলৰ বাৰান্দা গছকি নোপোৱা মিজুৱে কেনেকৈ মালিক হৈছিল অগাধ সম্পত্তিৰ?

    অৱশেষত আৰক্ষীৰ জালত পৰিল ম’ষ্ট ৱাণ্টেড মিজু, স্কুলৰ বাৰান্দা গছকি নোপোৱা মিজুৱে কেনেকৈ মালিক হৈছিল অগাধ সম্পত্তিৰ?

    দীৰ্ঘদিনে এই মিজুৰ নেতৃত্বতে লখিমপুৰৰ বঙালমৰাত চলি আছিল নকল সোণ আৰু নকল টকাৰ বেহা৷

    দীৰ্ঘদিনে এই মিজুৰ নেতৃত্বতে লখিমপুৰৰ বঙালমৰাত চলি আছিল নকল সোণ আৰু নকল টকাৰ বেহা৷

    দীৰ্ঘদিনে এই মিজুৰ নেতৃত্বতে লখিমপুৰৰ বঙালমৰাত চলি আছিল নকল সোণ আৰু নকল টকাৰ বেহা৷

    • Share this:
    অৱশেষত গ্ৰেপ্তাৰ হ’ল নকল সোণ আৰু নকল টকাৰ মাষ্টাৰমাইণ্ড মিজু৷ দীৰ্ঘদিনে নকল সোণ আৰু নকল টকাৰে ঠগ–প্ৰৱঞ্চনা কৰা মিজানুৰ ৰহমান ওৰফে মিজুক গ্ৰেপ্তাৰ কৰিলে লখিমপুৰ আৰক্ষীয়ে৷ লালুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সৰুজ দলেৰ নেতৃত্বত বিহপুৰীয়াত গ্ৰেপ্তৰ কৰে মিজুৰ লগতে চাইদুল ইছলাম নামৰ অন্য এটা প্ৰৱঞ্চকক৷

    উল্লেখ যোগ্য যে দীৰ্ঘদিনে এই মিজুৰ নেতৃত্বতে লখিমপুৰৰ বঙালমৰাত চলি আছিল নকল সোণ আৰু নকল টকাৰ বেহা৷ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যৰ বহু লোকক ঠগিছিল এইজন মিজুৱে৷ গ্ৰেপ্তাৰ হোৱাৰ পুৰ্ব্বে আৰক্ষীৰ লগত মিজুৰ সু–সম্পৰ্ক আছিল বুলিও অভিযোগ উত্থাপিত হৈছিল।

    আনহাতে, বিদ্যালয়ৰ বাৰান্দা গছকি নোপোৱা মিজুয়ে কেৱল নকল সোণ, নকল টকাৰে ঠগ প্ৰৱঞ্চনা আৰু জুৱা খেলি অগাধ সম্পত্তিৰ মালিক হৈছিল৷ বিলাসী গাড়ী, প্ৰাসাদোপম ঘৰৰ মালিক মিজু৷ সম্পূৰ্ণ অনিয়মেৰে অৰ্জন কৰা এই সম্পত্তিসমূহ বাজেয়াপ্ত কৰিব লাগে বুলি  বিভিন্নজনে দাবী কৰিছে৷
    Published by:Sanjay Kumar Das
    First published: