মহানগৰীত ধৰা পৰিল মোষ্ট ৱাণ্টেড ড্ৰাগছ ব্যৱসায়ী 'বাবা' ওৰফে নৱজ্যোতি দাস

News18 Assam | News18-Assam
Updated:June 10, 2021, 10:59 PM IST
মহানগৰীত ধৰা পৰিল মোষ্ট ৱাণ্টেড ড্ৰাগছ ব্যৱসায়ী 'বাবা' ওৰফে নৱজ্যোতি দাস
আৰক্ষীয়ে নৱ দাসৰ ভাড়াঘৰৰ পৰা প্ৰায় ১৫ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন ছুগাৰ জব্দ কৰিছে।

আৰক্ষীয়ে নৱ দাসৰ ভাড়াঘৰৰ পৰা প্ৰায় ১৫ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন ছুগাৰ জব্দ কৰিছে।

  • Share this:

চানমাৰী থানা এলেকাৰ পূব শৰণীয়াত ক্ৰাইম ব্ৰাঞ্চ আৰু চানমাৰী আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানত ধৰি পৰিল আৰক্ষীৰ এজন মোষ্ট ৱাণ্টেড ড্ৰাগছ ব্যৱসায়ী। মহানগৰ আৰক্ষীয়ে দীৰ্ঘদিনৰ পৰা বিচাৰি থকা এই ড্ৰাগছ ব্যৱসায়ীজন নৱজ্যোতি দাস ওৰভে বাবা বুলি জানিব পৰা গৈছে।


পূব শৰণীয়াৰ ভাড়াঘৰত থাকি দাসে ড্ৰাগছৰ ব্যৱসায় কৰি আছিল। আৰক্ষীয়ে নৱ দাসৰ ভাড়াঘৰৰ পৰা প্ৰায় ১৫ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন ছুগাৰ জব্দ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, নৱ দাসৰ বেংক একাউণ্টৰ পৰা ৫০ লাখৰো অধিক টকাৰ লেনদেনৰ তথ্যও পোৱা গৈছে। একাউণ্টটো ড্ৰাগছৰ ব্যৱসায়জনিত কাৰণত ব্যৱহাৰৰ সন্দেহ কৰিছে আৰক্ষীয়ে। আনহাতে নৱৰ লগত থকা ৫জনীয়া দলক আৰক্ষীয়ে বিচাৰি আছে৷

Published by: Gautam Barman
First published: June 10, 2021, 10:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি