• Home
  • »
  • News
  • »
  • assam
  • »
  • অৱশেষত আৰক্ষীৰ জালত পৰিল মষ্ট ৱাণ্টেড ডকাইত বিনয় দাস, মেঘালয় আৰু অসম আৰক্ষীৰ বাবে হৈ পৰিছিল মূৰৰ কামূৰণি!

অৱশেষত আৰক্ষীৰ জালত পৰিল মষ্ট ৱাণ্টেড ডকাইত বিনয় দাস, মেঘালয় আৰু অসম আৰক্ষীৰ বাবে হৈ পৰিছিল মূৰৰ কামূৰণি!

অসম -মেঘালয়ত সংঘটিত কেইবাটাও ডকাইতিৰে জড়িত বিনয় দাস।

অসম -মেঘালয়ত সংঘটিত কেইবাটাও ডকাইতিৰে জড়িত বিনয় দাস।

অসম -মেঘালয়ত সংঘটিত কেইবাটাও ডকাইতিৰে জড়িত বিনয় দাস।

  • Share this:
বিনয় দাস! বিহাৰৰ নিবাসী বিনয় দাস অসম আৰু মেঘালয় আৰক্ষীৰ বাবে হৈ পৰিছিল মূৰৰ কামূৰণি স্বৰূপ ৷ যোৱা ১৭ জুনত পানবজাৰ সমীপৰ BSNL কাৰ্যলয়ৰ সমীপত এগৰাকী মহিলাৰ পৰা বিনয় দাসে আন এজন সহযোগিৰ সহায়ত লুটি নিছিল নগদ ১০ লাখ টকা ৷ তাৰ পিছতে ঠিক ২৪ জুনত মেঘালয় বনিহাটত AS -13M 9065 নম্বৰৰ পালচাৰ বাইকেৰে আহি এজন ব্যক্তিৰ পৰা ২ লাখ টকা লুটি নিবলৈ লওঁতেই জালত পৰিছিল বিনয় দাস। কিন্তু পলাই সাৰিবলৈ সক্ষম হয় বিনয়ৰ এজন সহযোগী চাজন সিং।

মহানগৰীৰ কেইবাটাও স্থানত সংঘটিত লুটপাতৰ ঘটনাৰ চিচিটিভি ভিজুৱেল নিৰীক্ষণ কৰি পানবজাৰ আৰক্ষীয়ে মেঘালয় অৰক্ষীৰ পৰা নিজৰ জিম্মালৈ আনে মষ্ট ৱান্টেড বিনয় দাসক ৷

গুৱাহাটীৰ বহুকেইটা ডকাইতি কাণ্ডৰ সৈতে জড়িত থকাৰ কথা বিনয় দাসে ইতিমধ্যে স্বীকাৰ কৰিছে। কিন্তু পিছে এতিয়াও পলাতক বিনয়ৰ অন্যতম সহযোগী চাজন সিং ৷ তাৰ মাজতে শুকুৰবাৰে বিনয় দাসক পানবজাৰ আৰক্ষীয়ে আদালতত হাজিৰ কৰাৰ পিছতে কোকোৰাঝাৰ আৰক্ষীয়ে নিজৰ জিম্মাত লয় বিনয়ক ৷ কাৰণ কোকৰাঝাৰত সংঘটিত কেইবাটাও ডকাইতি কাণ্ডত বিনয় দাস জড়িত থকাৰ তথ্য লাভ কৰিছিল কোকোঝাৰ আৰক্ষীয়ে ৷
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি